দুধনৈত ষষ্ঠ অনুসূচী দাবী সমিতিৰ সংবাদমেলত সদ্য পদত্যাগী কেন্দ্ৰীয় সভাপতি কুশধ্বজ ৰংখক তুলাধূনা

#বকোৰ পৰা বিষ্ণুৰাম দাস: 

ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি সমগ্ৰ ৰাভা জাতিৰ জাতীয় অস্তিত্ব ৰক্ষা কৰি জাতিৰ বিকাশ তথা মৌলিক অধিকাৰৰ ওপৰত মাত মাতি অহা সংগঠন ষষ্ঠ অনুসুচী দাবী সমিতিৰ সাংগঠনিক আভ্যন্তৰীণ সংঘাত তুংগত উঠিছে। সংগঠনৰ পৰা সদ্য পদত্যাগী কেন্দ্ৰীয় সভাপতি কুশধ্বজ ৰংখই যোৱা ২৯ মাৰ্চত দূধনৈৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা সংবাদ মেলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাক একনায়কত্ববাদেৰে পৰিষদ চলোৱা বুলি অভিযোগ তুলিছে। এই কথাত একপ্ৰকাৰ খঙত জাঙুৰ খাই উঠিছে ষষ্ঠ অনুসুচী দাবী সমিতিৰ বিষয়ববীয়াসকল।

প্ৰাক্তন সভাপতি কুশধ্বজ ৰংখৰ সংবাদ মেলৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে সৰৱ হৈ পৰিছে ৰাভা জাতীয় সংগঠন তথা ষষ্ঠ অনুসুচী দাবী সমিতি। কুশধ্বজ ৰংখৰ সংবাদমেলৰ তীব্ৰ বিৰোধিতা কৰি আজি গোৱালপাৰা জিলাৰ দুধনৈত ষষ্ঠ অনুসুচী দাবী সমিতিৰ সভাপতি মহীধৰ ৰাভা আৰু মুখ্য সম্পাদক ননীগোপাল ৰাভাই আয়োজন কৰে সংবাদ মেলৰ।

সংবাদ মেলত দিয়া প্ৰেছ বিবৃতি যোগে জনায় যে কুশধ্বজ ৰংখৰ অভিযোগ সম্পূৰ্ণ মনেসজা আৰু ভিত্তিহীন। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ খন অতি নিপুণভাৱে আৰু সৰ্বাংগীন বিকাশেৰে পৰিচালিত হোৱাত ঈৰ্ষান্বিত হৈ কুশধ্বজ ৰংখই প্ৰলাপ বকিছে।

সংবাদ মেলত প্ৰকাশ কৰা আৰু প্ৰেছ বিবৃতি প্ৰদান কৰা মতে কুশধ্বজ ৰংখই ২০১৮ চনতেই ষষ্ঠ অনুসুচী দাবী সমিতি এৰি সংগঠনৰ নীতি আদৰ্শ নস্যাৎ কৰি বি জে পিত যোগদান কৰে আৰু পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জিলা পৰিষদৰ প্ৰাৰ্থীৰ হৈ সংগ্ৰামী সত্তাক জলাঞ্জলী দিয়ে। এইজন ব্যক্তিয়ে এতিয়া ৰাভা জাতিক দুভাগত ভাগ ভাগ কৰি জাতিৰ সমন্বয়ত আঘাত হানিছে। একনায়কত্ববাদ আৰু ইয়াৰ যোগেদি আৰ্থিক মুনাফা লাভ কৰিছে বুলি গোকাট মিছা কথা কৈছে কুশধ্বজ ৰংখই। কুশধ্বজ ৰংখৰ বিৰুদ্ধে এনে বহু অভিযোগ উত্থাপিত কৰি আজি সংবাদ মেল সম্বোধন কৰে ষষ্ঠ অনুসুচী দাবী সমিতিয়ে। সংবাদ মেলৰ জৰিয়তে ষষ্ঠ অনুসুচী দাবী সমিতিৰ তৰফৰ পৰা কুশধ্বজ ৰংখই যাতে অনাগত দিনত ষষ্ঠ অনুসুচী দাবী সমিতিৰ লগতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ বিৰুদ্ধে কোনো বিভ্ৰান্তিৰ মন্তব্য নকৰে,তাৰ বাবে সকীয়াই দিয়ে।

সংবাদ মেলৰ জৰিয়তে ষষ্ঠ অনুসুচী দাবী সমিতিৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা কোনো কাৰণতে ফালৰি কাটি নাহে বুলি জানিবলৈ দিয়ে আৰু আগন্তুক দিনত ৰাভা জনগোষ্ঠীক ষষ্ঠ অনুসুচী প্ৰদান কৰাৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।

  

Your Comments