#বকোৰ পৰা বিষ্ণুৰাম দাস,৩ এপ্ৰিল:
অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ প্ৰতিদিনে ঠাই বিশেষে নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে।
আজিও একাদিক্ৰমে তিনি/চাৰি স্থানত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তত্বাৱধানত ভিন্ন জাতি-জনগোষ্ঠীৰ নেতৃবৃন্দৰ সহযোগত চলায় জ্যোতিপ্ৰসাদ দাসৰ নিৰ্বাচনী প্ৰচাৰ। নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক নমল কুমাৰ ৰাভাই জনোৱা মতে দিনৰ ২ বজাত বকো ৰাজহ চক্ৰৰ অন্তৰ্গত হাঁঁহিমত অঞ্চলবাসী নেপালী আৰু ৰাভা জনগোষ্ঠীৰ লোকসকলৰ মাজত যৌথ মঞ্চই সমৰ্থন কৰা প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক ভোটদান কৰি জয়ী কৰাবলৈ আহ্বান জনায় আয়োজন কৰে নিৰ্বাচনী প্ৰচাৰ সভাৰ।
উল্লেখ্য যে গোৰ্খা কল্যাণ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি দুৰ্গা প্ৰসাদ শৰ্মা উপস্থিত থকা সভাত পৌৰোহিত্য কৰে গোৰ্খা কল্যাণ সমিতিৰ সম্পাদক কৈলাশ শৰ্মাই। কামৰূপ জিলা পৰিষদৰ উপ-সভাপতি কাম্বু ৰাম ৰাভাই অংশগ্ৰহণ কৰা নিৰ্বাচনী প্ৰচাৰ সভাত জ্যোতিপ্ৰসাদ দাসক দলে-বলে ভোট দান কৰিবলৈ আহ্বান জনায় গোৰ্খা কল্যাণ সমিতিৰ সভাপতি দুলাল ৰাণাই। সভাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য সম্পাদক ননীগোপাল ৰাভা ; কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ কুমাৰ ৰাভা ; উপ সভাপতি আনন্দ ৰাভা ; সম্পাদক নমল কুমাৰ ৰাভা ; মনোৰঞ্জন ৰাভা ; ৰাভা ছাত্ৰ নেতা জগন্নাথ ৰাভা ; বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়াবিদ প্ৰদীপ বসুমতাৰী আদিকে ধৰি নেতৃবৃন্দই বিজেপি চৰকাৰ হ'লে হ'ব লগা উন্নয়ৰ স্বাৰ্থত বকো সমষ্টিৰ সৰ্বাঙ্গীন বিকাশৰ লক্ষ্যৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক ভোট দিবলৈ আহ্বান জনায়। আনহাতে, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বি জে পিৰ বকো মণ্ডলৰ যুটীয়া প্ৰচেষ্টাত দক্ষিণ ছেখাদাৰীৰ কুকুৰমাৰাত আয়োজন কৰে দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ সভা। কুকুৰমাৰাৰ সভাত জ্যোতিপ্ৰসাদ দাসক ভোটদান কৰিবলৈ আহ্বান জনায় ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী ; কামৰূপ জিলা পৰিষদৰ সদস্য শোভাৰাম ৰাভা ; পাৰিষদ কল্পৰাম ৰাভা ; আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰিন্টি কলিতা ; বি জে পিৰ বকো মণ্ডলৰ সম্পাদক বিশ্বজিৎ ৰাভা ; কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অৰবিন্দ ৰাভাসহ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে।
আনহাতে, তৃতীয়খন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয় পয়ৰঙ্গাত। পয়ৰঙ্গাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাৰ পৌৰোহিত্যত আৰু যৌথ সংগ্ৰাম সমিতিৰ তত্বাৱধানত আয়োজন কৰে নিৰ্বাচনী প্ৰচাৰ সভা। আটাইকেইখন সভাতেই ভোটাৰ ৰাইজৰ বিপুল সঁহাৰি পোৱা গৈছে আৰু জ্যোতিপ্ৰসাদ দাস বিধায়ক হিচাপে জয়ী হোৱাৰ সম্ভাৱনা হৈছে বুলি জানিবলৈ দিয়ে।
- Log in to post comments
- 14 views