হাজোত কংগ্ৰেছ মহাজোঁঁটৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনৰ সমৰ্থনত ৰেলী

Pic

*কংগ্ৰেছে গঢ়া সম্পদ বিজেপিয়ে এপদ-এপদকৈ বিক্ৰী কৰিছে-ৰিপুন বৰা*

#বিশেষ প্ৰতিবেদক,হাজো,৩ এপ্ৰিল:

কংগ্ৰেছৰ মহাজোঁঁটে বিজেপিৰ নিদ্ৰা হৰিছে। বিজেপিৰ মিথ্যাচাৰ, প্ৰলোভন অসমবাসী ৰাইজে ভালদৰে বুজি উঠিছে। কিয়নো কংগ্ৰেছে গঢ়া দেশৰ সম্পদৰাজি বিজেপিয়ে এপদ-এপদকৈ বিক্ৰী কৰিছে।এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

আজি হাজো বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁঁটৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন(গনেশ)ৰ সমৰ্থনত উলিওৱা এক বিশাল ৰেলীত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে সভাপতি ৰিপুন বৰাই। কংগ্ৰেছ নেতা অজয় ফুকন, খগেন কলিতা, দ্বীপেন পাঠক, কংকন দাস, ৰুবুল আলী, অজিত ঠাকুৰীয়াৰ অংশগ্ৰহণত উলিওৱা এই বিশাল ৰেলীত সৰু-বৰ প্ৰায় ছয় শতাধিক বাহনত দলীয় কৰ্মী-সমৰ্থকে অংশ লৈ কংগ্ৰেছক ভোট দিয়ক, আনোৱাৰ হুছেইন জিন্দাবাদ, ৰিপুন বৰা জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, ছোনিয়া গান্ধী জিন্দাবাদ আদি শ্লোগানেৰে সমষ্টিটোৰ চুকে-কোণে প্ৰচাৰ আকৰ্ষনীয় কৰি তোলে। হাজোৰ বৰ্ণিৰ পৰা উলিওৱা এই বিশাল ৰেলী সমষ্টিটোৰ আধিয়াৰপাৰা,শনিয়াদী, কলিতাকুছি, সাতডলা, বাগটা, জাপিয়া, দিহিনা, ধুহি, বালিসত্ৰ, বাৰাংহাটী, উখুৰা, বৰম্বৈ, মনাহকুছি, দমদমা, হাজো, টোক্ৰাদিয়া হৈ হালোগাঁঁৱত সামৰণি পেলায়।

ইফালে, কালি নিশা দক্ষিণ হাজোৰ ৰামদিয়া,দামপুৰ হালোগাও আৰু বামুন্দী বজাৰ চ'কত কংগ্ৰেছ মহাজোঁঁটৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনৰ(গনেশ) হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মৰিয়নী সমষ্টিৰ বিধায়ক তথা মহাজোঁঁটৰ প্ৰাৰ্থী ৰূপজ্যোতি কুুৰ্মী আৰু চাবুৱা সমষ্টিৰ মহাজোঁঁটৰ প্ৰাৰ্থী তথা জনপ্ৰিয় গায়ক অজয় ফুকনে। উক্ত অঞ্চলসমূহত নিৰ্বাচনী ভাষণ দি ৰূপজ্যোতি কুৰ্মীয়ে কয়-"বিজেপি নেতৃত্বাধীন মিত্ৰজোঁঁটৰ চৰকাৰখনে 'কা' আন্দোলনৰ নামত পাঁঁচজনকৈ নীৰিহ লোকক গুলীয়াই মাৰিলে। অসমৰ সম্পদসমূহ বহিৰাগতৰ ওচৰত বিক্ৰী কৰিলে। সেইখন চৰকাৰে অসমৰ কি উন্নতি সাধন কৰিব। কংগ্ৰেছ কৰ্মী নকুল কলিতাই আঁঁত ধৰা এই পথ সভাত বিধায়ক কুৰ্মীয়ে এইবাৰ হাজোত সুমন হৰিপ্ৰিয়া পৰাজিত হোৱাটো নিশ্চিত বুলি দাবী কৰি অজাপ নেতা তথা প্ৰাৰ্থী দুলু আহমেদক ভোট দি বহুমূলীয়া ভোটটো নষ্ট নকৰিবলৈ ভোটাৰ ৰাইজক আহবান জনায়। তেওঁঁক ভোট দিয়া মানে সমষ্টিটোৰ উন্নয়নৰ দিশত আৰু পাচ বছৰ পিছুৱাই যাব বুলিও উল্লেখ কৰে। তেওঁ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনক নিচেই ওচৰেৰে সহজ-সৰল নেতা বুলি উল্লেখ কৰি সকলো সময়তে তেওঁক পাব বুলি কয়। তেওঁঁক ভোট দি সমষ্টিটোত উন্নয়ন তৰান্বিত কৰাত আগভাগ ল'বলৈ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছ দলৰ হৈ তেওঁ নিশ্চয়তা প্ৰদান কৰে।

এই পথ সভাত ভাষণৰ পৰিৱৰ্তে গীতৰ মাজেৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ প্ৰচেষ্টা চলাই প্ৰাৰ্থী তথা গায়ক অজয় ফুকনে।নিৰ্বাচনী পথ সভাত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক ইনতাজৰ ৰহমান,কংগ্ৰেছ সেৱা দলৰ নেতা কিশোৰ কলিতা,কংগ্ৰেছৰ বামুন্দী মণ্ডলৰ সভাপতি গনেশ কলিতা প্ৰমুখ্যে দলীয় কৰ্মী-সমৰ্থক উপস্থিত থাকে।

Your Comments