#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩ এপ্ৰিল:
ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ। আনফালে,বজাৰত জুই চাই দাম।অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৩ এপ্ৰিলত নলবাৰী জিলা ছাত্র সন্থাই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।
সদৌ অসম ছাত্র সন্থাৰ আহবান মৰ্মে নলবাৰীৰ শ্বহীদ ভৱনৰ পৰা নলবাৰী জিলা ছাত্র সন্থাই এই বিশাল পদযাত্ৰা চহৰৰ মাজমজিয়াত উলিয়ায়।নিৰ্বাচনী প্ৰচাৰৰ নামত হেলিকপ্টাৰৰে শাসকীয় দলে প্ৰচাৰ চলাই সাধাৰণ ৰাইজৰ ওপৰত মূল্যবৃদ্ধিৰ ৰামটোঙোন সোধাইছে বুলি উল্লেখ কৰি তাৰ প্ৰতিবাদত এই বিশাল পদযাত্ৰা 'আছু'ৰ ।
এই পদযাত্ৰাত নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সম্পাদক অক্ষয় ডেকাকে ধৰি আছু কৰ্মীসকল উপস্থিত থাকে। আনহাতে অতি শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনায়।সংগঠনটোৱে।
- Log in to post comments
- 11 views