সাংবাদিকক মন্ত্ৰীৰ ভাবুকি:বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তীব্ৰ গৰিহণা

#বঙাইগাঁৱৰ প্ৰতিবেদক,২ এপ্ৰিলঃ অসমৰ এগৰাকী ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই তেওঁৰ পত্নীৰ নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ'সহ বৈদ্যুতিন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত প্ৰতিদিন টাইম চেনেলৰ এগৰাকী সাংবাদিকক ফোন কৰি উক্ত সাংবাদিকগৰাকীৰ লগতে আন এগৰাকী সাংবাদিকৰ নাম লৈ ভাবুকি দিয়া কাৰ্যক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছে। এক প্ৰেছ বিবৃতিত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই কয় যে কোনো সংবাদগোষ্ঠী বা কোনো সাংবাদিকে যদি ভুল বাতৰি বা বাতৰি বিকৃত কৰি পৰিৱেশন কৰে, তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ ব্যৱস্থা আছে৷ কিন্তু তাকে নকৰি সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াটো গণতন্ত্ৰৰ পৰিপন্থী দুষ্কৰ্ম৷ সাংবাদিকক এনেদৰে ভয়-ভাবুকি দিয়া কাৰ্যক গৰিহণা দি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰলৈ দাবী জনাইছে। লগতে প্ৰেছ ক্লাবে সাংবাদিক দুগৰাকীৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈকো দাবী জনাইছে। একেটা বিবৃতিতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰো উচ্চ পৰ্যায়ৰ তদন্ত কৰি প্ৰকৃত তথ্য উদ্‌ঘাটন কৰাৰ লগতে উক্ত ঘটনাত যদি কোনো লোক জড়িত আছে তেন্তে অপৰাধীক কৰায়ত্ত কৰি আইনগত ব্যৱস্থা লোৱাৰো দাবী জনাইছে৷আনহাতে, ৰাজ্যৰ বিশিষ্ট সাংবাদিক-লেখক, শিক্ষাবিদ নগাঁৱৰ ড: আবু হানিফাৰ মৃত্যুত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে৷

Your Comments