হাজোত সুমন হৰিপ্ৰিয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ অভিযান

Pic

*"বাংলাদেশৰ পৰা অবৈধ বাংলাদেশী আনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব সম্পূৰ্ণৰূপে বিপন্ন কৰাৰ  ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছ-এআইইউডিএফে"*

#বিশেষ প্ৰতিবেদক,হাজো,২এপ্ৰিল:

তৃতীয় পৰ্যায়ত অনুষ্ঠিতব্য অসম বিধানসভা নিৰ্বাচনৰ ৫৫নং হাজো সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ উদ্ধাৰ অভিযানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলায় যোৱাৰ পাছত আজি হাজোৰ কলিতাকুছিত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি হাজোৰ কলিতাকুছিস্থিত ৰাজাবজাৰ খেলপথাৰত আজি বিয়লি অনুষ্ঠিত এক বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়:সাম্প্ৰতিক অসমত বিজেপি চৰকাৰৰ দিনত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বসবাস কৰা হিন্দু, মুছলমান,শিখ আদি সকলোকে সমান মৰ্যাদা দিয়া হৈছে। ৩ কোটি ৫০ লক্ষাধিক লোকৰ বসতিস্থল অসমক ভাৰতবৰ্ষৰ অন্যতম ৰাজ্য হিচাপে আমাৰ চৰকাৰখনে সমমৰ্যাদা প্ৰদানত সফল হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ "সবকা সাথ সব কা বিকাশ" মন্ত্ৰৰে বিজেপিয়ে জাতি-জনগোষ্ঠীৰ মান-মর্যাদা আৰু স্বাভিমান বৃদ্ধিৰ দিশত অহৰহ কাম কৰিছে। বিজেপিৰ পাঁচ বছৰীয়া কাৰ্য কালত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবলৈ সমৰ্থ হৈছে।

লক্ষণীয়ভাৱে কংগ্ৰেছৰ শাসনকালত এনে ধৰণৰ সমন্বয়ৰ পৰিৱেশ অটুট নাছিল বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়:কংগ্ৰেছৰ শাসনকালত দুৰ্নীতি, ভ্ৰষ্টাচাৰে সমাজ ছানি ধৰিছিল। কংগ্ৰেছে অসমৰ জনসাধাৰণক ধৰ্মৰ নামত ভাষাৰ নামত,গোষ্ঠীৰ নামত ভাগ ভাগ কৰি সংকটৰ সৃষ্টি কৰিছিল।আমাৰ বিজেপি সাম্প্ৰদায়িক দল নহয়।  সাম্প্ৰদায়িক দল হৈছে কংগ্ৰেছ আৰু এ এই ইউ ডিএফ দলহে।সেয়ে অসমৰ ভাষা,সংস্কৃতি ধ্বংসকাৰী কংগ্ৰেছ মহাজোঁঁটক অসমৰ মাটিৰ পৰা উৎখাত  কৰাৰ আহ্বান জনায়  মুখ্যমন্ত্ৰী সোণোৱালে। বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ সংগমস্থলী হাজোৰ ৰাইজৰ সকলো আশা-আকাংক্ষা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে হাজো সমষ্টিৰ শিক্ষা,নিয়োগ, উদ্যোগ আৰু বিকাশৰ সকলো দিশৰ উন্নতিৰ বাবে  বিজেপি দলৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াক ভোট দি জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।

কংগ্ৰেছ-এ এই ইউ ডি এফ ক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী সোনোৱালে পুনৰ কয়:কংগ্ৰেছ আৰু এ আই ইউ ডি এফ আমাৰ আটাইতকৈ ডাঙৰ শত্রু। এই দুটা দলে মিলি অসমত ক্ষমতা দখল কৰিবলৈ বিচাৰিছে।ক্ষমতা দখল কৰি বাংলাদেশৰ পৰা অবৈধ বাংলাদেশী আনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব সম্পূৰ্ণৰূপে বিপন্ন কৰাৰ ষড়যন্ত্ৰ কৰিছে।বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মঁজুৰি বৃদ্ধি কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়:কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনকালত চাহ শ্ৰমিকৰ ৰি বৃদ্ধিৰ ব্যৱস্থা নললে। কিন্তু বিজেপিয়ে পাঁচ বছৰতে চাহ শ্ৰমিকৰ মজুৰি ৮০ টকালৈকে বৃদ্ধি কৰিছে,আগন্তুক দিনত তেওঁলোকৰ মঁজুৰি আৰু অধিক বৃদ্ধি কৰাৰ পদক্ষেপ লোৱা হ'ব ।

মহিলা সবলীকৰণৰ বাবে বি জে পি চৰকাৰে বহু কাম কৰাৰ কথা উল্লেখ কৰি সোণোৱালে কয়:শ্বহীদ কনকলতা মহিলা সবলীকৰণ আঁচনি,অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকল উপকৃত হৈছে।মহিলা শক্তি মহাশক্তি,সেয়ে আমি সিদ্ধান্ত  লৈছোঁ অৰুণোদয়  আঁচনিৰ ধন ৮৩০  টকাৰ পৰা ৩০০০ টকালৈকে বৃদ্ধি কৰা হ'ব।আগন্তুক দিনত অসমৰ ৩০ লাখ মহিলাৰ বেংক একাউন্ট যোগে এই আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব।

সোণোৱালে লগতে কয়:আমাৰ মহিলাসকল সন্মান সহকাৰে জীয়াই থাকিব লাগিব। তেওঁলোকে পৰিয়ালটোক মৰ্যাদা সহকাৰে আগুৱাই নিয়ক। ইয়াৰ বাবে চৰকাৰে শক্তিশালী সিদ্ধান্ত লৈছে।
তেনেকৈ  মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনাৰ অধীনত বৰ্তমান ৫হাজাৰ টকাকৈ লাভ কৰিছে। আগন্তুক দিনত প্ৰতিগৰাকী কৃষকে ৫ হাজাৰ টকাৰ পৰিৱৰ্তে ১০ হাজাৰ টকাকৈ লাভ কৰিব। আমি পুনৰ চৰকাৰ  গঠন কৰিলে আগন্তুক ৫ বছৰত উদ্যোগ স্থাপনৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। তেনেকৈয়ে
আগন্তুক সময়ত চৰকাৰখনে ১০লাখ যুৱক- যুৱতী বিভিন্ন ক্ষেত্ৰত নিয়োজন ৰ সুবিধা প্ৰদান কৰিবলৈ সংকল্প লোৱা বুলিও তেওঁ সদৰি কৰে।

প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী,বি জে পি নেতা নৱদ্বীপ কলিতা,অ গ প নেতা নুৰুল হুছেইন,প্ৰদীপ বৰা,শিৱসাগৰ সমষ্টিৰ বি জে পি ৰ প্ৰাৰ্থী সুৰভি ৰাজকুমাৰী,প্ৰভাৰী দীনেশ মহন্ত,প্ৰভাৰী জি.এল শৰ্মা,ৰাজ্যিক সম্পাদিকা পৰমী দাস,নন্দন তালুকদাৰ, বি জে পি নেতা  জিতু পাটোৱাৰী,উত্তৰ হাজোৰ সভাপতি তিলক শৰ্মা,ভূপেন কলিতা,আটাউৰ ৰহমান,নিবাৰণ লহকৰকে ধৰি ভালেমান নেতাই অংশ গ্ৰহণ কৰা এই বিশাল জনসভাতে কলিতাকুছি পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰী জুনু বেগম,বিষ্ণুপুৰ-বালি সত্ৰ পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছী সভাপতি নিৰ্মল চন্দ্ৰ কলিতা, দীপালি দাস,বাবুল কুমাৰ,মজনুৰ আলী,দিগন্ত কলিতা,কমল বৈশ্য, দেৱ কুমাৰৰ নেতৃত্বত অৰ্ধ শতাধিক কংগ্ৰেছীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

Your Comments