*চৰকাৰ গঠন হ'লে দক্ষিণ কামৰূপ জিলা গঠন কৰা হ'ব*
#বকোৰ পৰা বিষ্ণু ৰাম দাস,১ এপ্ৰিল:
ৰাজ্যত চলি আছে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন। চলিত অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টি আৰু ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।অহা ৬ এপ্ৰিলত আয়োজিত হ'ব লগা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ছয়গাঁও সমষ্টিৰ অসম গণ পৰিষদৰ মনোনীত নেতা ডা: কমলাকান্ত কলিতা আৰু বকোৰ নেতা জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সৰ্বানন্দ সোণোৱালে। দক্ষিণ কামৰূপৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি ছয়গাঁও আৰু বকো সমষ্টিত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনি গ্ৰহণ আৰু আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী সোণোৱালে ডা: কমলাকান্ত কলিতা আৰু জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। উল্লেখযোগ্য যে বকো সমষ্টিৰ সোণতলীত আৰু ছয়গাঁও সমষ্টিৰ বনগাঁৱৰ শান্তি নিজৰা ক্লাবৰ ৰঙ্গমঞ্চত অনুুুষ্ঠিত কৰা হৈছিল নিৰ্বাচনী গণসমাৱেশৰ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিকশিত অসমৰ জয়ধ্বনি দিয়া নিৰ্বাচনী প্ৰচাৰ গণসমাৱেশত বকোত জ্যোতিপ্ৰসাদ দাস আৰু ছয়গাঁৱত ডা: কমলাকান্ত কলিতাৰ হৈ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তয়ো প্ৰচাৰ চলায়।গণসমাৱেশত প্ৰায় পোন্ধৰ হাজাৰ ভোটাৰ ৰাইজ তথা দলীয় কৰ্মী উপস্থিত থাকে।
ইফালে দুয়োটা সমষ্টিৰ জ্যেষ্ঠঅগপৰ কৰ্মীসকলে জনোৱা মতে প্ৰতিদিনে তিনি/চাৰিখন সভা অনুষ্ঠিত কৰা হৈছে আৰু প্ৰতিখন সভাতেই ভোটাৰ ৰাইজৰ অভাৱনীয় সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। সমষ্টি দুটাৰ ভোটাৰ ৰাইজৰ সঁহাৰি আৰু গণসমাৱেশত অংশগ্ৰহণ কৰা পৰিবৱেশ অনুমান কৰিলেই ধৰিব পাৰি এইবাৰ ছয়গাঁও আৰু বকোত অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা হাতীৰ ছবিত বৃহৎ সংখ্যক ভোটদান অধিক পৰিমাণে পৰিব। আজি অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ গণসমাৱেশত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে অসমত পুনৰ চৰকাৰ গঠন হ'লে অতি শীঘ্ৰে দক্ষিণ কামৰূপ জিলা গঠন কৰা হ'ব।
- Log in to post comments
- 26 views