হাজোৰ ক্ষেত্ৰীহাৰদিয়াত নিৰ্বাচনী ৰণডংকা বজালে প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই 

Pic

#বিশেষ প্ৰতিবেদক, হাজো,১ এপ্ৰিল:

"বিশ্বাসেই হৈছে আদিমূল।বিশ্বাস কৰি চলি থাকিলে কোনেও বিপদত নপৰে।কংগ্ৰেছ দলৰ বিশ্বাস নাই,সেয়ে কংগ্ৰেছে গেৰান্টী দিয়ে।কিন্তু বিজেপিয়ে বিশ্বাসতে চলে। জ্বলন্ত নিদৰ্শন স্বৰূপে জালুকবাৰী সমষ্টিৰ ৰাইজৰ মাজত মোৰ বিশ্বাস আছে কাৰণে মোকো সমষ্টিবাসী ৰাইজে বিশ্বাসত লয়।ক'ভিডৰ সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক বিজেপিৰ কৰ্মীয়ে প্লাজমা দান কৰিছিল"-এই মন্তব্য প্ৰভাৱশালী মন্ত্ৰী তথা 'নেডা'ৰ আহবায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি হাজো বিধান সভা সমষ্টিৰ ক্ষেত্ৰীহাৰদিয়াত এক বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰি এনেদৰে কয়।

প্ৰসংগক্ৰমে প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহবায়ক ডঃ শৰ্মাই পুনৰ কয়,ইছলাম ধৰ্মৰ শেষ নবী হজৰত মহম্মদে কেতিয়াও নিজকে আল্লা বুলি কোৱা নাছিল।কিন্তু এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ওপৰত আল্লা তলত তেওঁয়ে আল্লা বুলি দাবী কৰে। সেই আজমলে আকৌ মহিলাসকলক সন্তান জন্ম দিয়াৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।আজমলৰ এনে অপ্ৰাসংগিক কথাই মহিলাসকলক অপমান কৰাই নহয় সমাজত হেয় প্ৰতিপন্ন কৰিছে।

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহবায়ক ডঃ শৰ্মাই কয়, কংগ্ৰেছৰ দিনত বিতৰণ কৰা ধূতি, লুঙি, আঁঁঠুৱা, কম্বল, সূতাৰ মূল্য অতি নগন্য আছিল। কিন্তু বিজেপি চৰকাৰৰ দিনত ৰূপায়ন কৰা অভিলাষী আঁঁচনিৰ মূল্য অনেক গুণে ওপৰত। ইফালে কংগ্ৰেছৰ দিনত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাৰ চাকৰিৰ নামত বুজন পৰিমানৰ উপঢৌকন দিব লগীয়া হৈছিল,কিন্তু বিজেপি চৰকাৰৰ দিনত এটকাও নিদিয়াকৈ নিৱনুৱাসকলে হাতে-হাতে নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰসংগতে অহা দুই মে'ৰ পিছৰ পৰা এবছৰৰ ভিতৰত এক লাখ চাকৰিৰ নিযুক্তি-পত্ৰ বিভিন্ন বিভাগত দিয়া হ'ব বুলিও ঘোষণা কৰে। গতিকে,হাজো বিধানসভা সমষ্টিৰ কংগ্ৰেছ আৰু অজাপৰ মনোনীত প্ৰাৰ্থীক তীব্ৰ ভাষাৰে সমালোচনা কৰি সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত পুনৰ বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াক বিধায়িকা হিচাপে নিৰ্বাচিত কৰিবলৈ উদাত্ত কণ্ঠেৰে ৰাইজলৈ আহবান জনায়।

এই নিৰ্বাচনী সভাত অগপৰ নুৰুল হুছেইন, বিজেপি নেতা বিপুল দাস, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকীও দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

Your Comments