#বকোৰ পৰা বিষ্ণুৰাম দাস:
অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন ৰঙালী বিহুক আন্তৰিকতাৰে আদৰাৰ প্ৰয়াসেৰে বিগত বছৰবোৰৰ দৰে এই বৰ্ষতো কামৰূপ জিলাৰ বকোত আয়োজনৰ প্ৰস্তুতি চলিছে সুঁঁৱৰী উৎসৱৰ। বকো অঞ্চলৰ অন্যতম সমন্বয়ৰ স্থলী বকো আঞ্চলিক সুঁঁৱৰী উৎসৱ এই বেলি ১০৯ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰাৰ প্ৰস্তুতি পৰ্ব চলিছে।
সাত বিহুৰ দিনা প্ৰতি বছৰে পালন কৰা সুঁঁৱৰী উৎসৱ উদযাপনৰ বাবে গঠন কৰা সুঁঁৱৰী উৎসৱ উদযাপন সমিতিৰ সভাপতি নীলকান্ত দাস,কাৰ্য্যকৰী সভাপতি গিৰীন্দ্ৰ কুমাৰ চৌধুৰী,উপ-সভাপতি দেৱেন চন্দ্ৰ ৰাভা আৰু সম্পাদক জয়ন্ত চৌধুৰীয়ে জনোৱা মতে শতবৰ্ষ গৰকা তথা ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা বকো আঞ্চলিক সুঁঁৱৰী উৎসৱত দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তৰ জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে যোগদান কৰাৰ লগতে থলুৱা কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটে। সুঁঁৱৰী উৎসৱত ধৰ্মীয় পৰম্পৰা,অসমীয়াৰ ঐতিহ্য,ভিন্ন খেল-ধেমালি,বাৰেবৰণীয়া লোকনৃত্য আদিৰ উপৰিও লোকাচাৰ আৰু সামাজিক সমন্বয়ৰ পয়োভৰ ঘটোৱা হয়। অহা ৬ ব'হাগৰ দিনা বকো আঞ্চলিক সুঁঁৱৰী উৎসৱ উদযাপনস্থলীত ৰাইজৰ সহযোগ আৰু উপস্থিতি কামনখ কৰিছে উদ্যোক্তা মণ্ডলীয়ে।
- Log in to post comments
- 16 views