হাজো সমষ্টিৰ শিলগুড়ি আৰু মনাহকুছিত অজাপৰ নিৰ্বাচনী কাৰ্য্যালয় লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই 

#বিশেষ প্ৰতিবেদক,হাজো,৩০ মাৰ্চঃ

সম্প্ৰতি ৰাজ্যত  তুংগত উঠিছে তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী তৎপৰতা ৷ প্ৰতিটো দলেই ব্যস্ত নিজৰ নিজৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানত ৷ ৰাজ্যৰ অন্য সমষ্টিৰ দৰে ৫৫ নং হাজো সমষ্টিতো দেখা গৈছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ৷ তাৰ মাজতে হাজো সমষ্টিৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বামুন্দীৰ নিকটৱৰ্তী শিলগুড়ি আৰু হাজো থানাৰ অন্তৰ্গত মনাহকুছি অঞ্চলত নিশা  দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰিলে অসম জাতীয় পৰিষদৰ দুটাকৈ কাৰ্য্যালয় ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে,নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই হাজোৰ মনাহকুছি আৰু শিলগুড়িত অসম  জাতীয় পৰিষদৰ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ,পোষ্টাৰ আদি চিঙি লণ্ড-ভণ্ড কৰি সেই স্থানৰ পৰা আঁতৰি যায় । কিছু সময় পিছতে অজাপৰ নেতা-কৰ্মী সেই স্থানত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি নিশাই হাজো আৰু শুৱালকুছি আৰক্ষী থানাত অসম জাতীয় পৰিষদৰ কৰ্মীসকলে পৃথকে পৃথকে এজাহাৰ দাখিল কৰে। 

উল্লেখ্য যে হাজোত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদৰ উত্থানত বিৰোধী দলসমূহ শংকিত হৈ এনে নিকৃষ্ট কৰ্মৰ আশ্ৰয় লোৱাৰ অভিযোগ কৰিছে অজাপই । নিৰ্বাচনৰ আগমুহূৰ্তত এনেধৰণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Your Comments