ঐতিহ্যমণ্ডিত মালিকুছি শ্যামৰাই সত্ৰৰ ৭১ সংখ্যক দৌল মহোৎসৱৰ সামৰণি

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ, ২৯মাৰ্চঃ

নলবাৰী জিলাৰ মালিকুছিস্থ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী শ্যামৰাই সত্ৰৰ ৭১ সংখ্যক দৌল মহোৎসৱৰ আজি সামৰণি পৰে। আজি বিয়লি ৪বজাৰ পৰা মালিকুছি বৃহত্তৰ অঞ্চলকে ধৰি চহৰৰ কেইবাটাও পথত কৃষ্ণ প্ৰভুক লৈ ভক্তগণে পৰিভ্রমন কৰে। ভালেমান পৰিয়ালে গোসাঁইক নিজৰ ঘৰলৈও কিছুসময় নি পূজা-অৰ্চনা কৰা দেখা যায়। গোঁসাইৰ পিছে পিছে অগণন ভক্তই খোজকাঢ়ি গৈ অঞ্চলসমূহৰ লোকৰ মংগল কামনা কৰি পৰম্পৰা ৰক্ষা কৰে।

উল্লেখযোগ্য যে যোৱা ২৭মাৰ্চত আৰম্ভ হৈছিল এই ঐতিহ্যমণ্ডিত শ্যামৰাই সত্ৰৰ দৌল। প্ৰথম দিনাৰে পৰা  অগণন ভক্তৰ সমাগম দেখা যায়। ভগৱৎ প্ৰেম যেন মানৱ প্ৰেমলৈ ৰূপান্তৰ হ'ল শ্যামৰাই সত্ৰ প্ৰাংগণত। প্ৰথম দিনা পুৱা সত্ৰৰ ধৰ্মধ্বজা উত্তোলন কৰে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ বৰ্মনে। ইয়াৰ পিছত মহোৎসৱৰ ধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি ফণীধৰ ডেকাই। লগে লগে বৰেণ্য ব্যক্তিৰ দ্বাৰা ৭১ খন পতাকা উত্তোলন কৰা হয় দৌল খোলাত। স্মৃতিচাৰণ আৰু শ্বহীদ তৰ্পন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন শৰ্মা আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই।  পুৱাৰ ভাগতে সমূহীয়া চাফাই আৰু গছপুলি ৰোপন কাৰ্যসূচী সমাপন হয়। দিনৰ ভাগত জগন্নাথ চক্ৰৱৰ্তী সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় সত্ৰ প্ৰাংগণত। সন্ধিয়া দৌল মণ্ডপত কৃষ্ণ গোসাঁইক প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পিছতেই পূজা-অৰ্চনা আৰু দৌল মহোৎসৱৰ মুকলি, আতচবাজী কাৰ্যসূচী সম্পন্ন কৰা হয়। মহোৎসৱৰ দ্বাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰমোদ বৈশ্যই। বন্তি প্ৰজ্বলন কৰে শ্যামৰাই নতুন মন্দিৰৰ দাতা অজিত শৰ্মাই। নিশা নাগাৰা নাম পৰিবেশন কৰে জনপ্রিয় পাঠিকা বৰষা দাস (আল্লিয়া) আৰু বিনীতা বৰুৱা (পৈচাৰা)ই।  

কালি অৰ্থাৎ ২৮ মার্চত পুৱাৰে পৰা পূজা-অৰ্চনা, আমাৰ প্ৰশ্ন ৰাইজৰ উত্তৰ, পৰম্পৰাগত হোম-পার্বন আৰু ভোগ বিতৰণ, সন্ধিয়া ৩ বজাৰ পৰা সীমিত প্রতিযোগীৰে অসমীয়া আধুনিক নৃত্য প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। আকৌ সন্ধিয়া ৪ বজাৰ পৰা আমন্ত্রিত শিল্পীৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে ক'ৰ'না অতিমাৰীৰ প্ৰভাৱ এতিয়াও থকাত আৰু সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইবেলি মহোৎসৱ পাঁচদিনৰ পৰিৱৰ্তে তিনিদিন কৰা হৈছে বুলি মহোৎসৱ পৰিচালনা সমিতিৰ প্ৰচাৰ সচিব মনোজ শৰ্মাই জানিবলৈ দিছে।

Your Comments