জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটীত ডঃহিমন্ত বিশ্ব শৰ্মাৰ বাবে বিজেপি কৰ্মীৰ তীব্র প্ৰচাৰ অভিযান

Pic

ৰাজ্যৰ অন্যান্য বিধানসভা সমষ্টিৰ লগতে সম্প্ৰতি ৫১ নং জালুকবাৰী বিধানসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ গতিত চলিছে।অৱশ্যে এই প্ৰচাৰ অভিযানত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী,প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰতিদ্বন্দী কংগ্ৰেছৰ ৰমেন বৰঠাকুৰ আৰু ৰাইজৰ দলৰ হেমন্ত সূতৰ পৰা যথেষ্ট আগবাঢ়ি আছে।অন্যান্য সমষ্টিত প্ৰচাৰৰ গুৰু দায়িত্ব বহন কৰিব লগীয়া হোৱাৰ বাবে ডঃ শৰ্মাই নিজৰ জালুকবাৰী সমষ্টিত সময় দিবলৈ পৰা নাই যদিও স্থানীয় বিজেপি নেতা-কৰ্মীসকলেই যথোচিতভাৱে প্ৰচাৰ চলাই আছে।

Pic

সমষ্টিটোৰ অন্যান্য এলেকাৰ লগতে উত্তৰ গুৱাহাটীতো বিজেপি কৰ্মীসকলে ডঃ শৰ্মাৰ পক্ষত প্ৰচাৰ উৎসাহেৰে আগবঢ়াই নিছে।সম্প্ৰতি উত্তৰ নগৰ সমিতি এলেকাৰ মধ্যমখণ্ড আৰু শিলসাকোঁ এলেকাত স্থানীয় বিজেপি কৰ্মীসকলে কেইবাটাও নিৰ্বাচনী কাৰ্যালয় স্থাপন কৰিছে।বিজেপি যুৱনেতা তথা উত্তৰ গুৱাহাটীৰ বিজেপি নিৰ্বাচনী সমিতিৰ উপ-সভাপতি মানৱজ্যোতি দাসৰ উদ্যোগত অঞ্চলটোৰ মধ্যমখণ্ড আৰু শিলসাঁকো এলেকাত তিনিটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হৈছে।ইয়াৰ ভিতৰত মধ্যমখণ্ডৰ চিনাকি চ'কত একাংশ যুৱ বিজেপি কৰ্মীৰ স্বেচ্ছাসেৱী সংস্থা ৰয়েল গ্রুপৰ সদস্যসকলে এটা কাৰ্যালয় মুকলি কৰিছে।কাৰ্যালয়টোত প্ৰতি সন্ধিয়া যথেষ্টসংখ্যক বিজেপি কৰ্মীৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।

Pic

অঞ্চলটোৰ বিজেপি কৰ্মীসকলে ডঃ হিমন্ত বিশ্ব শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সংকল্পবদ্ধ হৈছে বুলি মন্তব্য কৰে 

Your Comments