বকোৰ শিংৰাত শ্ৰীশ্ৰী বংশীগোপাল গোসাঁই মন্দিৰত দৌলোৎসৱ উদযাপন

Pic

#বকোৰ পৰা বিষ্ণুৰাম দাস,২৮ মার্চ:

শ্ৰীশ্ৰী কৃষ্ণৰ মহা দৌলোৎসৱ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোৰ শিংৰাত দুদিনীয়া বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা হৈছে।আজিৰে পৰা শুভাৰম্ভণি হোৱা দৌল উৎসৱত শিংৰাৰ গঞা ৰাইজৰ উদ্যোগত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। শিংৰা ৰাইজ তথা শ্ৰীশ্ৰী বংশীগোপাল গোসাঁই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভুৱনেশ্বৰ পাঠক আৰু সাধাৰণ সম্পাদক দীপক কুমাৰ ৰয়ে জনোৱা মতে বহু পৌৰাণিক স্মৃতি বিজড়িত শিংৰা গঞা ৰাইজৰ ধৰ্মীয় উপাসনাস্থলী বংশীগোপাল গোসাঁইৰ মন্দিৰৰ আশ্ৰিত ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে দৌলোৎসৱৰ কাৰ্য্যসূচীৰ।মহাদৌলোৎসৱ আয়োজনৰ অন্যতম সদস্য নৱ বৰকাকতিয়ে জনোৱা মতে আজি পুৱাৰে পৰা শিংৰা গঞা ৰাইজৰ পৰিয়ালৰ পুৰুষ-মহিলাসকলে মন্দিৰলৈ আহি মাংগলিক নীতি-নিয়মেৰে সেৱা জনাই নাম-প্ৰসংগ আৰম্ভ কৰে।ইয়াৰ পিছতে বিধি ব্যৱস্থা অনুসৰি পুৰোহিতৰ জৰিয়তে হোমযজ্ঞ অনুুুষ্ঠিত কৰা হয়। সমাজত শান্তি- শৃংখলা অটুট ৰাখিবলৈ অনুষ্ঠিত কৰা হোমযজ্ঞত ৰাইজে সেৱা-প্ৰাৰ্থনা আগবঢ়ায়। আবেলি পৰত পূজা-পাৰ্বন সমাপন কৰি প্ৰসাদ গ্ৰহণ কৰে।

Pic

লগতে,দৌলোৎসৱৰ দ্বিতীয় দিনা সমগ্ৰ ৰাইজে গোসাঁই ফুৰাব।মুঠ এশ চল্লিশটা পৰিয়ালৰ ঘৰে ঘৰে গৈ গোঁসাই ফুৰাই আহি মাংগলিক নিয়মেৰে নদীৰ পাৰত পূজা কৰিব আৰু নদীৰ পৰা পানী আনি গোঁসাই ধুৱাই থাপনাত স্থাপন কৰিব।দৌলোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা সুঁঁৱৰী উৎসৱত তেলবাহ ভঙা কাৰ্য্যসূচী ৰূপায়ণ কৰিব।

   প্ৰেৰক - বকোৰ পৰা বিষ্ণু ৰাম দাস।

Your Comments