বিধানসভা নিৰ্বাচনত বিটিচিত ইউপিপিএল দলক এবিএমছুৰ মুকলি সমৰ্থন 

Pic

*হাগ্ৰামা মহিলাৰী বাহিনীক প্ৰতিহিত কৰাৰ বাবে নামি পৰিব সংগঠনটো*

#বঙাইগাঁৱৰ প্ৰতিবেদক: 

এইবেলি অসম বিধানসভা নিৰ্বাচনত বিটিচি এলেকাত এবিএমছুয়ে ইউপিপিএল দলক পূৰ্ণ তথা মুকলি সমৰ্থন আগবঢ়াব।২৬ মাৰ্চত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এবিএমছুৰ নেতৃত্বই ৰাজনৈতিক দলটোক সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক আবু জুৱায়েৰ মণ্ডলে কয় যে আমি অসমত সাম্প্ৰদায়িক শক্তিৰ উত্থান হোৱাতো নিবিচাৰো ৷ সাম্প্ৰদায়িক শক্তিয়ে বিধান সভা দখল কৰাতো যিদৰে নিবিচাৰো, ঠিক তেনেদৰে বিটিচি অঞ্চলত একেই সাম্প্ৰদায়িক হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ বাহিনীয়ে অঞ্চলটোৰ যিসমূহ বিধানসভা সমষ্টিত দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেই সমষ্টিসমূহত  এবিএমছুৱে বিপিএফক পৰাজিত কৰাৰ কাৰণে সৰ্বতোপ্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিম ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে  অসমত মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰক, তাত আমাৰ ক'বলগীয়া নাই ৷ কিন্তু আমি যিহেতু বিটিচি ভিত্তিক ছাত্ৰ সংগঠন কৰি আছো ,সেয়ে আমি এই অঞ্চলৰ ন্যায় - নিৰাপত্তা তথা বিভিন্ন সমস্যাৰ ওপৰত দায়বদ্ধ ৷

বিটিচি অঞ্চলত বিগত সময়চোৱাত হাগ্ৰামা মহিলাৰীৰ শাসন কালত ধৰ্মীয় সংখ্যালঘু ৰাইজ চৰমভাৱে উপেক্ষিত হৈছে ৷ এই অঞ্চলত হত্যা - হিংসা , অপহৰণকে ধৰি এক দীঘলীয়া ইতিহাস আছে ৷ এই ক্ষেত্ৰত বিগত সময়চোৱাত আমি দেখিছো যে হাগ্ৰামা মহিলাৰীক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ আনকি, দিছপুৰৰ কোনেও হাগ্ৰামা মহিলাৰীক নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলি কৈ কয় যে কংগ্ৰেছ , বিজেপিক দেখিলো ৷ একো কৰিব নোৱাৰিলে ৷ হাগ্ৰামা মহিলাৰীয়ে অনিয়ন্ত্ৰণাধীন হৈ পৰিষদ চলায় ৷ বাৰগৰাকীকৈ বিধায়কক দিছপুৰলৈ পঠিয়াবলৈ সক্ষম হোৱাৰ বাবে তেওঁ অনিয়ন্ত্ৰণাধীন হৈ পৰে ৷ বিগত ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন জাতি - জনগোষ্ঠীক কেনেদৰে গ্ৰহণ কৰিলে আৰু চাকৰি - বাকৰি তথা ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ সাম্প্ৰদায়িক চৰিত্ৰ কিদৰে উদঙাইছে সেয়া তেওঁৰ পূৰ্বৰ কাৰ্যকালত স্পষ্ট হৈছে ৷

ধৰ্মীয় সংখ্যালঘু সকলক ৰাজনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ কোনো সদিচ্ছা নাছিল বুলি অভিযোগ কৰি কয় যে বিগত শাসন কালত তেওঁ আমাৰ এজনো লোকক কাৰ্যবাহী সদস্য পদ পৰ্যন্ত নিদিলে ৷ সেইদৰে এজনো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থিত্ব নিদিলে ৷ হাগ্ৰামা মহিলাৰীৰ শাসন কালতে বিটিচিত সংঘটিত গোষ্ঠী সংঘৰ্ষত ধৰ্মীয় সংখ্যালঘু সকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে ৷ বিগত ২০১২ চনত সংঘটিত গোষ্ঠী সংঘৰ্ষত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু যিসকলৰ ঘৰ- বাৰী জ্বলাই দিয়া হৈছিল সেই মানুহখিনিৰ পুনৰ সংস্থাপনৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে এটা চৰ্ত বান্ধি দিছিল যে যিসকলৰ মাটিৰ পট্টা আছে, সেইসকলেহে পুনৰ পূৰ্বৰ ঠাইলৈ যাব পাৰিব ৷ হাগ্ৰামা মহিলাৰীৰ সেই সিদ্ধান্তটোৱে ৩ লাখ ৫৯ হাজাৰ শৰণাৰ্থীৰ জীৱনলৈ এটা শংকা নমাই আনিছিলে ৷ আনকি তেওঁ এটা ৰাষ্ট্ৰীয় চেনেলত স্পষ্টভাৱে কৈছিল যে যিসকলৰ মাটিৰ পট্টা আছে তেওঁলোকেহে পুনৰ সংস্থাপন পাব বা পূৰ্বৰ মাটিত উভতি যাব পাৰিব ৷ সেয়ে বিগত সময়ছোৱাত সংঘটিত দুৰ্নীতি - ভ্ৰষ্টাচাৰ উপলব্ধি কৰিছো আৰু আমি দেখিছো ৷ বিভিন্ন সমস্যা আছিল যদিও সমাধান নহ'ল ৷ বিশেষকৈ ভূমিৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি- জনগোষ্ঠী ,ধৰ্মীয় সম্প্ৰদায়ৰ সমস্যা আছিল ৷ ভূমিৰ সমস্যা সমাধন নকৰিলে ৷ হাগ্ৰামা মহিলাৰীৰ দিনতে ছহিদ লাফিকুল ইছলাম আহমেদক হত্যা কৰা হ'ল ৷ পোন্ধৰটা বছৰত বাৰ গৰাকীকৈ বিধায়ক আছিল আৰু বৰ্তমানো আছে ৷  সেইদৰে বিপিএফৰ বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী হৈ আছে যদিও কিন্তু লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ বিষয়টো বিধানসভাৰ মজিয়াত উত্থাপন কৰা দেখা নগ'ল ৷ হাগ্ৰামা মহিলাৰীয়ে খোদ হত্যাকাণ্ডৰ তদন্তৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও একো নকৰিলে ৷ গতিকে আমি পৰিৱৰ্তন বিচাৰিছোঁ যাতে হাগ্ৰামা মহিলাৰী দিছপুৰলৈ যাব নোৱাৰে ৷ হাগ্ৰামা মহিলাৰী যাতে কোনো ফেক্টৰ নহয় আৰু চৰকাৰ গঠনত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সকলোৱে সচেতন হ'ব লাগে ৷ কাৰণ, চৰকাৰ গঠনত তেওঁ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিলেই বিটিচিত থকা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লগতে আন আন জাতি - জনগোষ্ঠী উপেক্ষিত হ'ব আৰু ক্ষতিগ্ৰস্ত হ'ব বুলি কয় ৷ চৰকাৰ কোনে গঠন কৰে নকৰে তাত আমাৰ ক'বলগীয়া নাই ৷ কিন্তু হাগ্ৰামা মহিলাৰীয়ে যাতে অসম বিধান সভাত যাব নোৱাৰে তাৰ বাবে এবিএমছুৱে ইউপিপিএল দলে যিহেতু এজন ধৰ্মীয় সংখ্যালঘু ব্যক্তিক প্ৰাৰ্থিত্ব দিছে, সেয়ে  বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা এঘাৰগৰাকী প্ৰাৰ্থীক মুকলিকৈ সমৰ্থন জনোৱাৰ লগতে তেওঁলোকৰ হৈ কাম কৰি হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ দিছপুৰ যোৱাৰ সকলো পথ বন্ধ কৰিব বুলি কয় ৷

ইপিনে,ইউপিপিএল দলে নিৰ্বাচনী ইস্তাহাৰত লাফিকুল ইছলামৰ হত্যাৰ তদন্তৰ বিষয়টো উল্লেখ কৰিছে নেকি বুলি  সাংবাদিকে সোধাত কয় বিষয়টো আমি চাব লাগিব ৷ আমাৰ লগত হোৱা কথা- বতৰাত প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিছে আৰু বহু কথা ৰাজহুৱাকৈ ক'বলৈ নোৱাৰো বুলিও কয় ৷ সংবাদ মেলত এবিএমছুৰ সভাপতি মহিদুল ইছলামকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷ 

Your Comments