#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শান্তিপূৰ্ণভাৱে অন্ত পৰিল পুৱাৰে পৰা ৰাজ্যত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
আজি ১২ খন জিলাৰ ৪৭ টা সমষ্টিত
সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া।ইয়াৰ ভিতৰত শিৱসাগৰৰ বিভিন্ন ভোটকেন্দ্ৰতো সম্পন্ন হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া।ক'ভিডৰ সকলো নীতি-নিয়ম পালন কৰি সম্পন্ন কৰা হ'ল নিৰ্বাচন।
ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে স্বাস্থ্য বিভাগে ভোটদান কৰিবলৈ অহা লোকক প্ৰদান কৰিলে মাস্ক, চেনিটাইজাৰ।তদুপৰি খোজ কাঢ়িবলৈ নোৱাৰা অক্ষম ব্যক্তিৰ বাবে হুইল চেয়াৰৰ বিশেষ ব্যৱস্থা কৰা পৰিলক্ষিত হয়।
ভোটকেন্দ্ৰসমূহত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়,তাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে।
জিলাখনত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ আৰ্দশ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হয়। তদুপৰি শিৱসাগৰত মহিলাৰ দ্বাৰা পৰিচালিত হয় কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰ।
উল্লেখ্য যে শিৱসাগৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ১,৫১,৫১২ গৰাকী।
এইবাৰ ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে তাৰে ভিতৰত বিজেপ মিত্ৰজোঁঁটৰ প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰী, কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শুভমিত্ৰ গগৈ,নেছনেল কংগ্ৰেছ পাৰ্টীৰ হৈ অজিত শইকীয়া,নিৰ্দলীয় প্ৰাৰ্থী ৰূপা বড়া,হেমন্ত বৰুৱা আৰু ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী অখিল গগৈয়েও নিৰ্দলীয়ভাৱে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
পুৱাৰে পৰা জিলাখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে গ্ৰামাঞ্চলৰ প্ৰতিটো ভোট কেন্দ্ৰত ৰাইজে স্বত:স্ফূৰ্তভাৱে ভোটদান সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হয়।
সকলোৰে এটাই আশা নিজ পছন্দৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে উন্নয়ন ক্ষীপ্ৰতৰ হওক।
আজি শিৱসাগৰৰ অফিচাৰ্চ ক্লাব ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ আৰু থানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীয়ে।ইফালে, দিচাংমুখৰ বিভিন্ন ভোটকেন্দ্ৰত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ৷
- Log in to post comments
- 16 views