নলবাৰীত জনসংযোগৰ মাইকত বিজেপিৰ প্ৰচাৰ:জিলা নিৰ্বাচনী বিষয়াক কংগ্ৰেছৰ অভিযোগ দাখিল

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৭ মাৰ্চঃ

বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ কামত জনসংযোগৰ মাইক ব্যৱহাৰ কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰীত। এই সন্দৰ্ভত আজি সন্ধিয়া নলবাৰী জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পূৰৱী কোঁৱৰক অভিযোগ দাখিল কৰিছে কংগ্ৰেছে। উল্লেখযোগ্য যে নলবাৰী বিধানসভা সমষ্টিৰ ৮ নং উত্তৰ বাঁহজানী গাওঁ পঞ্চায়তৰ চান্দকুছি ঘিল্লা চ'কত ৰেডিঅ'ৰ বাতৰি পৰিৱেশনৰ বাবে জনসংযোগ বিভাগৰ এটা মাইক আছে।উক্ত মাইক পঞ্চায়তৰ সভাপতি আৰতি বৈশ্যৰ ঘৰৰ পৰা নিয়ন্ত্ৰিত হয়।প্ৰাপ্ত অভিযোগমতে যোৱা দুদিন ধৰি এই মাইক বিজেপি নেত্ৰী আৰতি বৈশ্যই নিৰ্বাচনী প্ৰচাৰৰ কামত ব্যৱহাৰ কৰি আছে। জনসংযোগৰ মাইকেৰে এনেদৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীত প্ৰচাৰ কৰি থকাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি সন্ধিয়া ৮ নং উত্তৰ বাঁহজানী মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে জিলা নিৰ্বাচনী বিষয়াক লিখিতভাৱে দিয়া আবেদনত জনসংযোগৰ মাইকযোগে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে।

Your Comments