#বকোৰ পৰা বিষ্ণুৰাম দাস,২৭ মার্চ:
আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন। চলিত অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ত নিৰ্বাচন হ'ব লগা কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিত এই বেলি মিত্ৰজোঁটৰ প্ৰাৰ্থী,অসম গণ পৰিষদৰ জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি। ভাৰতীয় জনতা পাৰ্টী,ইউ পি পি এল,সন্মিলিত গণশক্তি অসম আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ হৈ আৰু বহুসংখ্যক জাতি-জনগোষ্ঠীৰ সংগঠনৰ উমৈহতীয়া মঞ্চৰ উদ্যোগত আজি জাৰিহাট,বন্দাপাৰা,ৰাজাপাৰা,গামেৰীমুৰা আদিকে ধৰি বহু গাঁঁৱত ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ হৈ অসম চৰকাৰৰ কামৰূপ জিলা পৰিষদৰ উপ-সভাপতি কাম্বুৰাম ৰাভা,জিলা পৰিষদৰ সদস্য শোভাৰাম ৰাভা,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নমল কুমাৰ ৰাভা,উপদেষ্টা সঞ্জীৱ ৰাভা,গোৰ্খা কল্যাণ সমিতিৰ সম্পাদক কৈলাশ শৰ্মা,ষষ্ঠ অনুসূচী দাবী সমিতিৰ বিষয়ববীয়াসকল,ৰাভা মহিলা পৰিষদৰ নেতৃবৃন্দ জ্যোতিপ্ৰসাদ দাসৰ বাবে প্ৰচাৰ চলায়।কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি আনন্দ ৰাভাই পৌৰোহিত্য কৰা সভাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ জাৰিহাট সমষ্টিৰ কাৰ্য্যবাহী পাৰিষদ পঞ্চমী ৰাভাৰ উপৰিও বহুসংখ্যক লোক উপস্থিত থাকে।
আনহাতে, বকোৰ বন্দাপাৰা আৰু ৰাজাপাৰাত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত পৌৰোহিত্য কৰে সমাজকৰ্মী সুৰেন বড়োয়ে । ৰাজাপাৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য সম্পাদক ননীগোপাল ৰাভা,গোৰ্খা কল্যাণ সমিতিৰ জিলা সভাপতি দুলাল ৰাণা,বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ জিলা সমিতিৰ সভাপতি সঞ্জয় চৌধুৰী,অনুসূচিত জাতি পৰিষদৰ জিলা সম্পাদক কমলেশ্বৰ কৈৱৰ্ত,ৰাভা মহিলা পৰিষদৰ কেইবাগৰাকী নেত্ৰী।ইফালে,বিয়লি গামেৰীমূৰাতো অনুষ্ঠিত কৰা হয় নিৰ্বাচনী প্ৰচাৰ সভা।এই সভাতো বহুকেইগৰাকী বক্তাই অহা ৬ এপ্ৰিলত হ'ব লগা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনায়।
- Log in to post comments
- 100 views