#মৃণাল ডেকা,শুৱালকুছি,২৬ মাৰ্চ:
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জালুকবাৰী সমষ্টিতো ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে ৷ তৃতীয় তথা অন্তিম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা ৫১ নং জালুকবাৰী বিধানসভা সমষ্টিত অসমৰ শক্তিশালী ৰাজনৈতিক নেতা হিচাপে পৰিচিত ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্গ জালুকবাৰী সমষ্টিত তেওঁক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰাইজৰ দলৰ মনোনীত আৰু অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হেমন্ত সুত ৷
ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন অঞ্চলত গাঁৱে গাঁৱে সৰু সৰু নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত কৰা দেখা গৈছে ৷ উল্লেখ্য যে জালুকবাৰী সমষ্টিত প্ৰথমে অসম জাতীয় পৰিষদৰ এজন শক্তিশালী প্ৰাৰ্থী দিয়া হ'ব বুলি ঘোষণা কৰিছিল যদিও মিত্ৰতা ধৰ্ম ৰক্ষা কৰি জালুকবাৰী সমষ্টিটোত ৰাইজৰ দলক এৰি দি সমৰ্থন দিয়ে ৷ ইয়াৰ পিছতে ৰাইজৰ দলৰ প্ৰাৰ্থী হেমন্ত সুতে মিত্ৰ দল জাতীয় পৰিষদৰ কৰ্মীসকলৰ সহযোগত শুৱালকুছি উন্নয়ন খণ্ডৰ শিঙিমাৰী পঞ্চায়তৰ আলিকাষ,গন্ধমৌ পঞ্চায়তৰ নিজ গন্ধমৌ,শুৱালকুছিৰৰ আদি অঞ্চলত সন্ধিয়াৰ ভাগত সৰু সৰু নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি ব্যাপক প্ৰচাৰ কৰা দেখা গৈছে ৷ এই সভাসমূহত অসম জাতীয় পৰিষদৰ শুৱালকুছি উন্নয়ন খণ্ডৰ কৰ্মী তথা ৰাইজৰ যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে। প্ৰায়বোৰ সভাতেই ৰাইজৰ উপস্থিতি লক্ষণীয় হৈছে ।নিৰ্বাচনী প্ৰচাৰ সভাত হেমন্ত সুতে কয় যে জালুকবাৰী সমষ্টিত পুনৰ আঞ্চলিকতাবাদৰ ধ্বজা উৰিব ৷ লগতে তেওঁ কয় যে আগন্তুক নিৰ্বাচনত সমষ্টিবাসীয়ে যদি তেওঁৰ দিছপুুুৰ যাত্ৰাত সঁহাৰি জনায়,তেনেহ'লে নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপন,চৰকাৰী নিযুক্তি,কৃষি বিপ্লৱৰ জড়িয়তে কৰ্মসংস্থাপন প্ৰদান আৰু অসমৰ মানচেষ্টাৰখ্যাত শুৱালকুছিৰ বস্ত্ৰ শিল্প পুনৰ উদ্ধাৰ কৰিব বুলি ঘোষণা কৰে ৷ মূলত: জালুকবাৰী সমষ্টিত বিধানসভা নিৰ্বাচনত ড: হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰাইজৰ দলৰ হেমন্ত সুত আৰু কংগ্ৰেছ দলৰ ৰমেন বৰঠাকুৰ ৷ এতিয়া দুই মে'তহে কোনে কিমান ভোট পায় শেষ হাঁঁহিমাৰিবলৈ সক্ষম হ'ব,সেয়া লক্ষণীয় হ'ব ৷
- Log in to post comments
- 64 views