হাজোৰ লাহ-কঞাটোল-হালোগাঁঁৱত মিত্ৰজোঁঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ নিৰ্বাচনী প্ৰচাৰ 

Pic

*বঙালপাৰাত নুৰুল হুছেইনৰ উপস্থিতিত নিৰ্বাচনী কাৰ্যালয় মুকলি*

#বিশেষ প্ৰতিবেদক,হাজো ২৬ মাৰ্চঃ

হাজো সমষ্টিত ক্ৰমাৎ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। প্ৰতিটো ৰাজনৈতিক দলে নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাৰ বাবে গাঁঁৱে গাঁঁৱে সোমাই বিভিন্ন পন্থাৰে ভোটাৰ ৰাইজৰ কাষ চাপিছে। আজি বিজেপি মিত্ৰজোঁঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই দক্ষিণ হাজোৰ লাহ-কঞাটোল-হালোগাঁঁও পঞ্চায়ত আৰু বামুন্দী পঞ্চায়তত দলীয় কৰ্মী- সমৰ্থকক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায়।আজি পুৱা দহ বজাত দক্ষিণ হাজোৰ তথা জালুকবাৰী সমষ্টিৰ সীমা সৰুলাহ আমৰ তলৰ পৰা আৰম্ভ কৰি সৰুলাহ,বৰলাহ,কঞাটোল,হালোগাও,লাচিতনগৰ,ওজাপাৰা,শ্ৰীনগৰ,বামুন্দী,বিষ্ণুপুৰ,শিলগুৰি,কৈলাশপুৰ, আদি অঞ্চলৰ মন্দিৰে মন্দিৰে গৈ আই সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে আই-মাতৃসকলেও প্ৰাৰ্থীগৰাকীৰ সৈতে খোজকাঢ়ি নিৰ্বাচনী প্ৰচাৰ চলায়‌।তদুপৰি, বামুন্দীৰ ঐতিহাসিক শ্ৰীশ্ৰী গোপালেশ্বৰ গোঁসাই ঘৰ আৰু হাতীমূৰা পাহাৰত অৱস্থিত শ্ৰী শ্ৰী ধাৰেশ্বৰ দেবালয়তো সেৱা জনায়‌।ইয়াৰ মাজতে লাহ-কঞাটোল-হালোগাঁঁও মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুভাষ কলিতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।  সন্ধিয়া ছয় বজাত সংখ্যালঘু অধ্যুষিত বঙালপাৰা পঞ্চায়তত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে।মিত্ৰজোটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া মিলপাৰা চ'কত উপস্থিত হোৱাৰ লগে লগে কৰ্মী-সমৰ্থকসকলে সুমন হৰিপ্ৰিয়া জিন্দাবাদ,নুৰুল হুছেইন জিন্দাবাদ,বিজেপি জিন্দাবাদ,অগপ জিন্দাবাদ ধ্বনি দি আদৰণি জনাই। কাৰ্যালয় মুকলি কৰি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া বাঙালী ভাষাতে ৰাইজক উদ্দেশ্য কৰি বক্তব্য আগবঢ়ায়। তেওঁঁ চৰকাৰৰ বিভিন্ন আচনিসমূহ আৰু সামগ্ৰিক উন্নয়নৰ বিষয়ে উল্লেখ কৰি বঙালপাৰা অঞ্চলৰ যি সমস্যা আৰু আধৰুৱা কাম আছে বিধায়ক নিৰ্বাচিত হোৱাৰ পাছতে সমাধা কৰাৰ আশ্বাস প্ৰদান কৰে।প্ৰাৰ্থীগৰাকীক সংগ দি প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন,হাজো বিধান পৰিষদৰ সভাপতি প্ৰদীপ কুমাৰ বৰা,বিজেপি নেতা জীতেন্দ্ৰ পাটোৱাৰী,বিপুল দাস,মেৰিণা বেগম শইকীয়া,বলি কলিতাই ৰাইজৰ উদ্দেশ্য কৰি বক্তব্য আগবঢ়ায়।এই অনুষ্ঠানতে বিভিন্ন দলৰ পৰা অহা শতাধিক কৰ্মী-সমৰ্থকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ইয়াৰ পিছত প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই নুৰুল হুছেইনক লগত লৈ হাজোৰ বৰ্ণি গাঁঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে উপস্থিত হয়। 


 

Your Comments