#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৬ মাৰ্চঃ
দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান নলবাৰী সমষ্টিত মিত্ৰজোঁট আৰু মহাজোঁটে তীব্ৰতৰ কৰি তুলিছে। নলবাৰী সমষ্টিৰ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ হৈ দলটোৰ প্ৰতিটো কোষে পৃথকে পৃথকে সমষ্টিটোৰ গাঁৱে গাঁৱে সোমাই পৰি প্ৰচাৰ অভিযান চলাই ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা চেষ্টা চলাইছে। আজি নলবাৰী জিলা বিজেপিৰ এছ টি মৰ্চাৰ সভাপতি হিতেশ ব্ৰক্ষ্মৰ নেতৃত্বত এটি বৃহৎ দলে জয়ন্তমল্ল বৰুৱাৰ সমৰ্থনত সমষ্টিটোৰ অন্তৰ্গত বড়ো জনবসতি প্ৰধান গাঁও লাউদল,হৰিপুৰ,চত্ৰা,বৰজাৱৰিহাটী,সঠামৌ,বৰাজোল- কঞাপাৰ,কেহেৰুৱাত সাতখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।উক্ত সভা কেইখনত বিটিআৰৰ শূক্লাই ছেৰফাং সমষ্টিৰ বিজেপিৰ নৱনিৰ্বাচিত কাৰ্যবাহী সদস্য --ৰনেন্দ্ৰ নাৰ্জাৰীয়ে মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছ,বিপি এফ আৰু এ আই ইউ ডি এফক কঠোৰ ভাষাৰে সমালোচনা কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত বিগত পাঁচ বছৰত অসমত যথেষ্ঠ উন্নয়ন হোৱাৰ লগতে বিটিআৰত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীৰ প্ৰথম আৰু দ্বিতীয়টো কাৰ্যকালত মানুহে বিটি এ ডিত শান্তিৰে শুৱ পৰা নাছিল বুলি মন্তব্য কৰে।আনহাতে সমাগত নিৰ্বাচনত বিটিআৰত বিপি এফে এখনো আসন নাপাই বুলি নেতাগৰাকীয়ে দাবী কৰি এইবেলি অসমত মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলিও তেওঁ মন্তব্য কৰে।মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লে বিটিআৰৰ বহিৰ্ভুত অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা বড়ো সমাজৰ দীৰ্ঘদিনীয়া দাবী বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদে গতি লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছ,বিপি এফ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাই আগন্তুক দিনত অসমলৈ অশনি সংকেত নমাই আনিব বুলিও তেওঁ ভোটাৰ ৰাইজৰ উদ্দেশি মন্তব্য কৰে। নিৰ্বাচনী সভাকেইখনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱায়ো অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে ভাষণ প্ৰদান কৰে।নিজ ভাষণত তেওঁ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনৰ উন্নয়নমুলক কামৰ খতিয়ান দাঙি ধৰি উন্নয়নৰ স্বাৰ্থত ৰাইজে পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিছপুৰৰ শাসনৰ গাদীত বহুৱাব বুলি মন্তব্য কৰে। নিৰ্বাচনী সভা কেইখনত নলবাৰী জিলা বিজেপিৰ এছ টি মৰ্চাৰ সভাপতি হিতেশ ব্ৰক্ষ্ময়ো অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে। এইবেলি নিৰ্বাচনত কংগ্ৰেছ দলে নিৰ্লজ্জভাৱে পৰাজয় বৰণ কৰিব বুলি নিজ ভাষণত উল্লেখ কৰি বৰ্তমানে দিনত ওলাব নোৱাৰি নিশাহে নেতা-কৰ্মীসকলে ভোট ভিক্ষা মাগি ফুৰিছে বুলি তেওঁ কটাক্ষ কৰে।নিৰ্বাচনী সভাকেইখনত নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা পদ্মা ৰামচিয়াৰী,বড়িগোগ বনভাগ মন্ডল বিজেপি এছ টি মৰ্চাৰ সভাপতি কমলেশ্বৰ বড়ো,ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী আদিয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 18 views