১০৮-১০২ কৰ্মচাৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অখিল গগৈৰ

১০৮-১০২ কৰ্মচাৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অখিল গগৈৰ

জি ভি কে ই এম আৰ আই প্ৰতিষ্ঠানে শ্ৰম আইন ভঙ্গ কৰি কৰ্মচাৰীৰ ওপৰত কৰি অহা প্ৰৱঞ্চনা আৰু সংশোধনৰ বিৰুদ্ধে সদৌ অসম ১০৮ আৰু ১০২ জৰুৰীকালীন সেৱাই যোৱা ৫ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰি আহিছে ।

কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্যৰ দাবীত কৰা প্ৰতিবাদী কাৰ্যসূচীত আজি দিনৰ ১২ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ উপস্থিত হয় । অখিল গগৈয়ে কয় প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত কয়, "তেওঁলোকে ইমান কষ্ট কৰে, তেওঁলোকৰ ইমান ডাঙৰ দায়িত্ব যে তেওঁলোক সময়ত গৈ নাপালে কেতিয়াবা গাঁৱৰ মানুহৰ পৰা মাৰ খোৱাৰ সুবিধাও থাকে ।

১০৮-১০২ কৰ্মচাৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অখিল গগৈৰ

এনেকুৱা এটা গুৰুত্বপূৰ্ণ কাম কৰা মানুহক যদি পৰিয়ালটো চলাবৰ কাৰণে ন্যূনতম দৰমহাটোৱে নিদিয়ে তেনেহ'লে কেনেকৈ এটা পৰিয়াল লৈ এই কৰ্মচাৰীসকলে কাম কৰিব পাৰিব ।

মই জি ভি কেৰ সঞ্চালকক ক'ব খুজিছোঁ যে আপোনালোকে এজন কৰ্মচাৰীক ৯,৫০০ টকা দৰমহা দিয়ে ৷ কিন্তু মই আপোনালোকক ১০,০০০ টকা দিম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ ৷ আপুনি এক মাহ সময় চলি দেখুৱাওক আপোনাৰ পৰিয়ালটোক লৈ ।"

স্বাস্থ্য মন্ত্ৰীক ৯০০০ টকাৰে এদিন তেওঁৰ পৰিয়াল চলাব পাৰিবনে নাই বুলিও অখিলে প্ৰশ্ন কৰে । অখিল গগৈয়ে লগতে কয়, "য'ত এখন গাড়ীত ছয়জনকৈ লোকক নিযুক্তি দিব লাগে তাত মাত্ৰ চাৰিজন বা দুজনকৈ নিযুক্তি দিছে । মোৰ সন্দেহ হয় যে হয়তো আপোনালোকৰ নামত মনে মনে ছয়জনকৈ নিযুক্তি দি থোৱা আছে ।

য়তো মনে মনে পইচা খোৱা হৈছে আৰু তাত হয়তো চৰকাৰৰ মানুহ আৰু জি ভি কে কোম্পানী জড়িত হৈ আছে । যিটো কাৰণত চৰকাৰে যোৱা চাৰি দিন কাম বন্ধ থকাৰ পাছতো এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই ।"

যোৱা চাৰি দিন ধৰি তৎকালীন সেৱা বন্ধ হৈ আছে কিন্তু সুদক্ষ স্বাস্থ্য মন্ত্ৰীজনে এতিয়ালৈকে জি ভি কেক এটা প্ৰশ্ন কৰিবলৈ সাহস কৰা নাই কিয় বুলিও কৃষক নেতাজনে প্ৰশ্ন উত্থাপন কৰে ।

চৰকাৰখনে জি ভি কেৰ লগত গোপন বুজাবুজি কৰি বাহিৰৰ মানুহক নিযুক্তি দি অসমৰ থলুৱা যুৱক-যুৱতীসকলক ভাবুকি প্ৰদান কৰিব খুজিছে কিয় বুলিও অখিলে প্ৰশ্ন কৰে ৷ এই বিষয়ত তেওঁ স্বাস্থ্যমন্ত্ৰীক উত্তৰ দিবলৈ আহ্বান জনায় ।

আনহাতে, অসমৰ মুখ্য মন্ত্ৰীলৈ কৃষক নেতাজনৰ প্ৰশ্ন, "জি ভি কেৰ পৰা যদি কমিছন লোৱা নাই তেনেহ'লে জি ভি কেক এটা ধমকি দিবলৈ সাহস হোৱা নাই কিয় ? আপুনি জাতি-মাটি-ভেটিৰ কথা কয় ।

১০৮-১০২ কৰ্মচাৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অখিল গগৈৰ

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা টকাকেইটাৰে আপোনালোকে ১০৮ আৰু ১০২ৰ কৰ্মচাৰীসকলক কিয়নো আচল দৰমহাটো দিবলৈ আপোচ কৰিছে ? এই প্ৰশ্নৰ উত্তৰ এবাৰ অসমৰ ৰাইজক দিবনে ?''

স্বাস্থ্যমন্ত্ৰীলৈ অখিলৰ আহ্বান- জি ভি কেক ৰঙা চকু দেখুৱাই ২৪ ঘণ্টাৰ ভিতৰতে এই কৰ্মচাৰীসকলে যাতে কাম কৰিবলৈ ঘূৰি যাব পাৰে তাৰ কাৰণে উচিত দৰমহা, কামৰ সময় নিৰ্ধাৰণ কৰি দিয়ক ৷

যদি কেনেবাকৈ ১২ ঘণ্টা কাম কৰিব লাগে তেতিয়াহ'লে এদিনত দৰমহা দুগুণ কৰাৰ শীঘ্ৰেই সিদ্ধান্ত ল'বলৈও আহ্বান জনায় । ইয়াৰ বিপৰীতে যদি পুলিচ আৰু মিলিটাৰী লগাই প্ৰতিবাদকাৰীসকলক খেদিব খোজে, তেতিয়াহ'লে এইটো কেৱল ১০৮ আৰু ১০২ৰ সমস্যা হৈ নাথাকে ৷

এইটো সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি কৰা অন্যায় হ'ব বুলিও অখিল গগৈয়ে সকীয়াই দিয়ে ৷

আনহাতে, তেনে পৰিস্থিতিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ ৰাইজে স্বাস্থ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলিও হুংকাৰ দিয়ে কৃষক মুক্তিৰ নেতাগৰাকীয়ে ।

Your Comments