#বকোৰ পৰা বিষ্ণুৰাম দাস:
সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত 'ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰূপায়ণত সমাজৰ ভূমিকা' বিষয়ক দ্বিতীয় পৰ্যায়ৰ আলোচনা চক্ৰখন অলপতে কলেজ অব এদুকেছন,বকোৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । বকো ,ছমৰীয়া, ছয়গাঁও আৰু ৰামপুৰ শিক্ষা খণ্ডৰ পৰা ২০০ ৰো অধিক বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট ,শিক্ষক - শিক্ষয়িত্ৰী সমন্বিতে জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে আলোচনা চক্ৰখনত। অনুষ্ঠানত মুখ্য আলোচক হিচাপে উপস্থিত থাকি বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড.তপন দত্তই শিক্ষাৰ গুণগত মান, প্ৰাথমিক শিক্ষাত মাতৃ ভাষাৰ প্ৰয়োজনীয়তা ,শিক্ষা ব্যৱস্থাত ছাত্ৰৰ ৰুচিবোধৰ প্ৰয়োজনীয়তাৰ ওপৰতো ধুনীয়াকৈ আলোকপাত কৰে। সন্মানীয় আলোচক ক্ৰমে বিশিষ্ট লেখক , সাহিত্যিক, হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড.গণেশ্বৰ চহৰীয়াই আলোচনাচক্ৰখনত ভাগ লৈ বিদ্যালয় এখনৰ উন্নয়নৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি তথা মাতৃগোটৰ অৱদান কিমান সেই সন্দৰ্ভত সুন্দৰকৈ আলোচনা কৰে। লগতে প্ৰাক-প্ৰাথমিক স্তৰত শিক্ষাৰ প্ৰয়োজনীয়তা বিষয়ে আলোকপাত কৰে। তেওঁ নতুন শিক্ষানীতি ২০২০ ত অন্তৰ্ভুক্ত হোৱা আন এটা বিষয় School Complex কি আৰু ইয়াৰ পৰা আমাৰ শিক্ষা ব্যৱস্থা কেনেকৈ উপকৃত হ'ব জানিবলৈ দিয়ে। কলেজ অব এদুকেছনৰ অধ্যক্ষ মেৰী চৌধুৰীয়েও শিক্ষণ-শিকনৰ প্ৰক্ৰিয়াটো আৰু মনোগ্ৰাহী কৰিবলৈ 'ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০'ত কি ধৰণৰ পদক্ষেপ লোৱা হৈছে সেই সন্দৰ্ভত আলোকপাত কৰে।জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী বিজয়া ডেকাই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্ভাৱনীমূলক তথা সৃজনশীল চিন্তাৰ কেনেকৈ উদ্ৰেক ঘটোৱাত সহায় কৰিব,তাৰ সুন্দৰকৈ আলোচনা কৰে। সমগ্র শিক্ষা, কামৰূপৰ জিলা মিছন সমন্বয় অপূৰ্ব ঠাকুৰীয়া প্ৰমূখ্যে সমগ্ৰ শিক্ষা কামৰূপৰ জিলা পৰ্যায়ৰ বিষয়া উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ৰূপায়ণত ৰাইজ,অভিভাৱকৰ ভুমিকা সম্পৰ্কে আলোচনা কৰে । অনুষ্ঠানত উপস্থিত থকা সকলো অংশগ্ৰহণকাৰীকে এখনি ফুলাম গামোচাৰে সম্ভৰ্ধনা জনোৱা হয় ।পল্লৱী পাঠকে আঁত ধৰা আলোচনা-চক্ৰত কামৰূপ জিলা আঁঁচনি বিষয়া ফুলপাহি নাথে উদ্দেশ্য বাখ্যা আগবঢ়ায়। বকো শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া যুগল দাসে শলাগৰ শৰাই আগবঢ়ায়।
- Log in to post comments
- 22 views