*অৰ্ধশতাধিকৰ অজাপত যোগদান*
#বিশেষ প্ৰতিবেদক,হাজো,২৫ মাৰ্চ :
সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫৫ নং হাজো বিধানসভা সমষ্টিতো সমাগত নিৰ্বাচনক লৈ সমষ্টিবাসী ভোটাৰ ৰাইজৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে যদিও অজাপৰ নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে প্ৰাৰ্থী দুলু আহমেদে।কালি এঘাৰটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ পিছতে আজি অজাপই পুনৰ সমষ্টিটোৰ নখন পঞ্চায়তত মুকলি কৰে ৯ টাকৈ মুখ্য নিৰ্বাচনী কাৰ্যালয়। অজাপৰ প্ৰাৰ্থী দুলু আহমেদে আজি আঞ্চলিক দলটোৰ একাংশ দলীয় নেতা-কৰ্মীৰ উপস্থিতিত সমষ্টিটোৰ ক্ষেত্ৰিহাৰদিয়া পঞ্চায়তৰ ক্ষেত্ৰিহাৰদিয়া চ'কত,কলিতাকুছি পঞ্চায়ত, এক নং হাজো, নগেন ডেকা, খগেন ভৰালী, বঙালপাৰা, হালোগাও-কয়াটোল,বামুন্দী,দামপুৰ গাওঁ পঞ্চায়তকে ধৰি মুঠ নখন পঞ্চায়তত নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰে। এই নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি অজাপৰ হাজো সমষ্টিৰ প্ৰাৰ্থী দুলু আহমেদে কয়,হাজোত অজাপৰ প্ৰাৰ্থীগৰাকীয়ে বিশৰ পৰা পছিশ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে ।হাজোৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক কটাক্ষ কৰি নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ মাজতে মূল যুঁঁজ হ'ব বুলিও মন্তব্য কৰে ।ক্ষেত্ৰিহাৰদিয়াত অনুষ্ঠিত এক সভাত দুলু আহমেদৰ কাম-কাজত আকৃষ্ট হৈ ক্ষেত্ৰিহাৰদিয়া গাওঁ পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছী সভানেত্ৰী মীৰা চৌধুৰী, বৰ্তমানৰ পঞ্চায়তখনৰ কংগ্ৰেছৰ ৱাৰ্ড সদস্যা চম্পা কলিতা, অগপ নেতা অমূল্য কলিতাকে ধৰি পঞ্চায়তখনৰ অৰ্ধ শতাধিক পুৰুষ মহিলাই অজাপত যোগদান কৰে। এই নিৰ্বাচনী কাৰ্য্যালয় মূকলি অনুষ্ঠানত অজাপ নেতা ছাইদুল ইছলাম, ৰমনী মালাকাৰ, অংকুমণি কলিতা,জিতু চৌধুৰী, দ্বীপেন ভাণ্ডাৰ কায়স্থকে ধৰি দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।
- Log in to post comments
- 21 views