বকোৰ কালিয়াবড়ীত কংগ্ৰেছৰ নন্দিতা দাসৰ প্ৰচাৰ অভিযান

Pic

#বকোৰ পৰা বিষ্ণুৰাম দাস:

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ ধুম উঠিছে। এই লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। এই লক্ষ্যৰে আজি কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী নন্দিতা দাসে পুনৰাই বকো সমষ্টি দখলৰ উদ্দেশ্যেৰে  আৰম্ভ কৰিছে যুদ্ধংদেহী তৎপৰতা।কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আজি বকো সমষ্টিৰ অন্তৰ্গত বকো উন্নয়ন খণ্ডৰ অধীনৰ ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ কালিয়াবড়ীত অনুষ্ঠিত কৰে কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা। বকো ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি অৰৱিন্দ ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত কংগ্ৰেছ দলৰ বিষয়ববীয়াৰ লগতে ইয়াৰ অধীনষ্ঠ বুথ কমিটীৰ সভাপতি-সম্পাদকসকল উপস্থিত থকা নিৰ্বাচনী সভাখনত নন্দিতা দাসৰ স্বামী তথা অৱসৰপ্ৰাপ্ত ডিএফঅ' ভৱেশ দাসে অংশগ্ৰহণ কৰি বিধানসভাৰ নিৰ্বাচনৰ বাবে সকলোকে মাৰবান্ধি থিয় হ'বলৈ আহ্বান জনায় ৷ কংগ্ৰেছ দলৰ নেত্ৰী লীলা বড়োৰ তৎপৰতাত অনুষ্ঠিত কৰা তথা বকো ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামকৃষ্ণ ডেকাই আঁঁত ধৰা নিৰ্বাচনী প্ৰচাৰ সভাত জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী উৰেণ গয়াৰী তথা হীৰেন ৰাভা,কাৰ্তিক ৰাভা,গোলোক ৰাভাকে প্ৰমুখ্য কৰি ভালেসংখ্যক যুৱ কংগ্ৰেছৰ নেতৃবৃন্দ উপস্থিত থাকে।লগতে কালিয়াবড়ী গাঁঁৱৰ বুথ সমিতিৰ সভাপতি জয়ন্ত দাস,মহোন মেধি,অজিত দাসৰ উপৰিও বহুকেইগৰাকী  স্থানীয় মহিলা উপস্থিত থাকে৷ 

 

Your Comments