#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৩ মাৰ্চঃ
অহা ১ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হবলগীয়া নলবাৰী সমষ্টিত মহাজোঁটৰ সমৰ্থনত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে।কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাঁই আজি সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছ অন্তৰ্গত বালিতাৰাত কেইবাখনো পথসভা কৰি ৰাইজৰ মাজত সোমাই পৰে। তেওঁ আজি এইসমূহ পথ সভাৰ মাজতে জ্যেষ্ঠজন ঘৰলৈ গৈ মত -বিনিময় কৰাৰ লগতে বৰ্ষীমান লোকক ফুলাম গামোচাৰে আদৰণি জনাই চৰণ চুই আশীৰ্বাদ লয়। প্ৰাৰ্থীগৰাকীৰ এনে কামত আল্পুত হয় ভোটাৰ ৰাইজ।আজি পুৱাৰে পৰা নিশা পৰ্য্যায়লৈ বালিতাৰা গাঁও পঞ্চায়তৰ মধুপুৰ,বগৰীতল,নাহেৰবাৰী,হাঁহতলী,বামুন্দিয়া,বড়োচুবুৰী,নগাঁও,বজাৰ চ'ক ,পুৱ বালিতাৰা আদিকে ধৰি ৫ নং পূৱ-বতাহগিলা গাঁওপঞ্চায়তৰ আগ্ৰা,ফাৰ্মচ'ক,ক্ষুদ্ৰবৰকটৰা, গনেশ মন্দিৰ চ'ক,খাটকটৰা,জামতোলা,কটৰাত আদি অঞ্চলত মুঠ ১৮ খন সৰু সৰু পথসভা জৰিয়তে প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ অভিযান চলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰে। উক্ত আটাইকেইখন সভাতে মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঁঁঞাই বিজেপি চৰকাৰখনক আৰু নলবাৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ ভাষাৰে সমালোচনা কৰে।ভূঞাঁই ভাষণত বিজেপিয়ে ভাল দিনৰ, পৰিৱৰ্তনৰ, কৰ্মসংস্থাপনৰ,জাতি-মাটি-ভেটি কথা কৈছিল।কিন্তু এটা প্ৰতিশ্ৰুতিও পালন কৰিব নোৱাৰিলে।এই চৰকাৰৰ দিনত ধৰ্মীয় মেৰুকৰণেৰে অশুভ পৰম্পৰা সৃষ্টি কৰা হ'ল। অন্যায়ৰ প্ৰতিবাদ কৰাৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ'ল। সেয়েহে সকলো মিলি বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰিব লাগিব। প্ৰাৰ্থীগৰাকীয়ে লগতে বিজেপি দলৰ জনবিৰোধী নীতিক ক্ষুৰধাৰ সমালোচনা এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে।তেওঁ লগতে ইয়াকো কয় যে এবাৰ মহাজোঁটৰ চৰকাৰ হলে মহাজোঁটৰ পাঁচটা গেৰান্টি সফল ৰূপায়ণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।ইপিনে, বালিতাৰাৰ পথসভাত অগপ-বিজেপিৰ প্ৰায় ৩০ গৰাকী কৰ্মীয়ে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে।
- Log in to post comments
- 9 views