বকোত ডা: শৰৎচন্দ্ৰ ৰাভাৰ 'ৰাভা বুৰঞ্জীৰ জিলিঙনি' উন্মোচন

Pic

#বকোৰ পৰা বিষ্ণুৰাম দাস:

সমাজত এগৰাকী চিকিৎসক হিচাপে চিনাকী হৈয়ো সাহিত্য চৰ্চাৰ সৈতে অহৰহ জড়িত থাকি কেইবাখনো কাব্য গ্ৰন্থ,ঐতিহাসিক লিখনি সন্দৰ্ভত গ্ৰন্থ,জাতি-জনগোষ্ঠীৰ তত্বগধুৰ গ্ৰন্থ  প্ৰকাশ কৰি বৌদ্ধিক সমাজত বিশেষভাৱে আসন দখল কৰা ডাঃ শৰৎ চন্দ্ৰ ৰাভাই এইবেলি ৰাভা বুৰঞ্জী লিখি উলিয়াইছে। দীৰ্ঘদিন ধৰি কৰা একান্ত প্ৰচেষ্টাৰ অন্তত প্ৰকাশ কৰি উলিওৱা 'ৰাভা বুৰঞ্জীৰ জিলিঙনি' নামৰ গ্ৰন্থখন ২৩ মাৰ্চত উন্মোচন উপলক্ষে বকোত অনুষ্ঠিত কৰা হয় এখনি গ্ৰন্থ উন্মোচনী সভা ৷ বকোস্থিত সংগ্ৰাহলয় আৰু প্ৰত্নতাত্বিক সমাজ আৰু বকো সাহিত্য চৰ্চা কেন্দ্ৰ,অসমৰ উদ্যোগত বিশিষ্ট সাহিত্যিক ডা: শৰৎচন্দ্ৰ ৰাভাই ৰচনা কৰা আৰু সংগ্ৰাহালয় আৰ প্ৰত্নতাত্বিক সমাজ,বকোৰ সম্পাদক বেণুধৰ ৰাভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বৌদ্ধিক সমাজৰ উপস্থিতিত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁঁত ধৰে বিশিষ্ট সাংবাদিক ড° ভৱেশ দাসে।গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক  ৰাধাচৰণ ৰাভাই ৷এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত 'ৰাভা বুৰঞ্জীৰ জিলিঙনি' গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰবীণ চন্দ্ৰ দাসে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধাপক ড° অনিল বড়ো, ধূপধৰাস্থিত বিকালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষা ড° মলিনা দেৱী ৰাভা, গুৱাহাটী মেডিকেল কলেজৰ উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মা, দুধনৈ কলেজৰ অধ্যক্ষ ড° ললিত চন্দ্ৰ ৰাভা, বকো জে এন কলেজৰ অধ্যক্ষ ড° তপন দত্ত, অধ্যাপক ড: প্ৰাণেশ্বৰ নাথ, বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: এম গোপাল সিং,অধ্যাপক ড: জীৱেশ্বৰ কোচ,ড: নৰকান্ত অধিকাৰী,উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ডেনিছ ৰাভা,চতুৰ্থ আৰক্ষী বেটেলিয়ানৰ অৱসৰী ডিজিপি বিষ্ণু প্ৰসাদ ৰাভা, কবি আলাউদ্দিন আল আমিন, সংগ্ৰাহলয় আৰু প্ৰত্নতাত্বিক সমাজৰ সম্পাদক বেণুধৰ ৰাভা প্ৰমুখ্যে কামৰূপ আৰু গোৱালপাৰাকে ধৰি মেঘালয় ৰাজ্যৰো শিক্ষাবিদ, বুদ্ধিজীৱী, কবি-সাহিত্যিকসকল উপস্থিত থাকে ৷ অনুষ্ঠানৰ মূল কাৰ্যসুচীৰ আৰম্ভণিতে এটি সুমধুৰ সৰস্বতী বন্দনা গায় জেষ্ঠ্য কন্ঠশিল্পী জোৎস্না ৰাভাই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি প্ৰতিগৰাকী বিশিষ্ট শিক্ষাবিদ তথা অতিথিয়ে ডা: শৰৎচন্দ্ৰ ৰাভাক ৰাভা বুৰঞ্জী লিখি উলিওৱাৰ বাবে ভুয়সী প্ৰসংশা কৰে আৰু ৰাভাৰ বৌদ্ধিক জ্ঞান আৰু অধ্যয়নৰ শলাগ লয়।

Your Comments