#বকোৰ পৰা বিষ্ণুৰাম দাস :
কামৰূপ জিলাৰ বকোৰ লামপাৰাত তিনি বড়ো সংগঠন ক্ৰমে বকো-বনগাঁও মৌজা বড়ো জাতীয় পৰিষদ,বকো-বনগাঁও বড়ো কৃষ্টি সংঘ আৰু বকো-বনগাঁও প্ৰাথমিক বড়ো সাহিত্য সভাৰ ২১ মাৰ্চত ২৪ সংখ্যক বাৰ্ষিক অধিৱেশন অনুুুষ্ঠিত হয়। লামপাৰাৰ সাপ্তাহিক বজাৰ উন্নয়ন সমিতিৰ কাৰ্য্যালয় প্ৰাঙ্গনত দিনযোৰা বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা অধিৱেশনত বড়ো সমাজৰ ভিন্ন জাতীয় সমস্যা সমাধান সন্দৰ্ভত আলোকপাত কৰে। বকো-বনগাঁও মৌজা বড়ো জাতীয় পৰিষদৰ সভাপতি অমূূল্য বড়ো,সম্পাদক কেশৱ বড়ো,বকো-বনগাঁও বড়ো কৃষ্টি সংঘৰ সভাপতি বিষ্ণু বড়ো আৰু সম্পাদক নিৰণ খাখলাৰীৰ লগতে বকো-বনগাঁও প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভানেত্ৰী ভানুমতী বড়ো,সম্পাদক শংকৰ বড়োই জনোৱা মতে বড়ো জাতীয় সংগঠনৰ সাংগঠনিক ভিত্তিত সংবিধানৰ নীতি-আদৰ্শ সন্দৰ্ভত আলোকপাত কৰিবলৈ অনুষ্ঠিত কৰা হয় অধিৱেশনৰ। উল্লেখ্য যে সংগঠনকেইটাৰ প্ৰাথমিক শাখাৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত কৰা প্ৰতিনিধি সভাত বড়ো জনগোষ্ঠীৰ উত্তোৰণৰ লক্ষ্যৰে জাতীয় সমস্যা সন্দৰ্ভতআলোচনা কৰাৰ পিছত বিষয়বাচনি পৰ্বৰ জৰিয়তে আগন্তুক তিনি বছৰৰ বাবে সংগঠনকেইটাৰ সমিতিকেইখন গঠন কৰা হয়।
অধিৱেশনৰ কাৰ্য্যসূচী অনুসৰি দিনৰ ভাগত বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দশৰথ বড়ো আৰু আৰোহন শিল্পী বঁটা প্ৰাপ্ত শিল্পী নিৰণ খাখলাৰীক সম্বোৰ্ধনা জনোৱা হয়।ইফালে, বকো-বনগাঁও আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি বাপন বড়ো আৰু সম্পাদক সনিন্দ্ৰ বড়োয়ে জনোৱা মতে বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ নেতা কমল বড়োৰ উপস্থিতিত বড়ো সমাজৰ শৈক্ষিক,সামাজিক,অৰ্থনৈতিক আৰু মৌলিক অধিকাৰ সন্দৰ্ভত আলোকপাত কৰা হয়।
- Log in to post comments
- 9 views