#বকোৰ পৰা বিষ্ণুৰাম দাস:
অসম-মেঘালয় সীমান্তৱৰ্তী কামৰূপ জিলাৰ বকোত অৱস্থিত লাম্পীত ২১ মাৰ্চত উপস্থিত হয় ৪৮ নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে। সমাগত ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কৰিবলৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী উপস্থিত হয় চিৰসেউজ লাম্পীত। লাম্পীত উপস্থিত হৈয়ে অঞ্চলটোৰ ৰাইজৰ লগত মত বিনিময় কৰে নন্দিতা দাসে।মূলতঃ আন্তঃৰাজ্যিক সীমা সমস্যাৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা লাম্পীৰ ৰাইজে সীমা সমস্যা সমাধান কৰাৰ বাবে দাবী উত্থাপন কৰে। ইয়াৰোপৰি লাম্পীত থকা আৰক্ষীসকলৰ বাবে এখন গাড়ী, লাম্পীৰ ৰাইজৰ বাবে এখন এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে যোৱা বিধানসভা কাৰ্যকালত লাম্পীৰ ৰাইজৰ সকলো ধৰণৰ সমস্যাত মাত মাতি অহাৰ বাবে লাম্পীৰ ৰাইজে নন্দিতা দাসক ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক নিৰ্বাচনত নন্দিতা দাসক ভোট দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে, নন্দিতা দাসে যোৱা বিধানসভা নিৰ্বাচনত লাম্পী অঞ্চলৰ মাত্ৰ দুটা ভোট কেন্দ্ৰৰপৰা বহুত কম ভোট প্ৰদান কৰাৰ বাবে ৰাইজৰ আগত দুখ প্ৰকাশ কৰে। প্ৰায় ১৫০০ ভোটাৰ থকা লাম্পীবাসী ৰাইজক সৰহকৈ ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়,যাতে চৰকাৰে লাম্পী অঞ্চলৰ ৰাইজৰ সমস্যা দেখা পায়। লগতে, আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হ'লে সীমা সমস্যাকে ধৰি ৰাইজৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে। এই নিৰ্বাচনী সভাত উপস্থিত থাকে ঔমসাগৰ, মাকৈবাৰী, লাম্পী,হৰ্ষনগৰ, আপাৰলাম্পি আদি বিভিন্ন গাৱঁৰ লোক। ইয়াৰ পিছতেই নন্দিতা দাসে গাৰো অধ্যুষিত নোৱাপাৰা, হাঁঁহিম আদি অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰে।
- Log in to post comments
- 8 views