#বিশেষ প্ৰতিবেদক,হাজো:
পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু বামুন্দী শাখা ছাত্র সন্থাৰ সহযোগত বামুন্দী হাইস্কুলত ২১ মাৰ্চৰ পৰা সাতদিনীয়াকৈ ঢোলবাদন আৰু বিহুনাচ কৰ্মশালা আৰম্ভ হৈছে।এই উদ্দেশ্যেৰে দেওবাৰে বিয়লি চাৰি বজাত এটা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতাই আঁত ধৰা বিহুনাচ কৰ্মশালাখন উদ্বোধন কৰি বামুন্দী হাইস্কুলৰ প্ৰধান শিক্ষক বিপুল কুমাৰ বৰাই বিহু অসমীয়াৰ মেৰুদণ্ড বুলি উল্লেখ কৰি বিহুৰ প্ৰতিটো অনুষ্ঠানত প্ৰতিগৰাকী অসমীয়াক অংশগ্ৰহণ কৰি অসমৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়। বামুন্দীৰ বিহু বিষয়ক কৰ্মশালাই যাতে অঞ্চলটোৰ নৱ-প্ৰজন্মক আকৰ্ষণ কৰিব পাৰে আৰু প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতিভাসমূহৰ বিকাশ সাধন হয়,তাৰ বাবে সকলোলৈ আহ্বান জনায় । অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থাৰ উপ-সভাপতি ৰুবুল কলিতাই। শুভাৰম্ভণি অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক সুৰজিৎ কলিতা, পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মানৱ ঠাকুৰীয়া, সমাজকৰ্মী সুৰ্যকান্ত কলিতা,সভাৰাম কলিতা, মাধৱ কলিতা, মনোৰঞ্জন শৰ্মা আৰু কৰ্মশালাৰ প্ৰশিক্ষক হিচাবে ব্ৰজেন শালৈ, সঞ্জীৱ ৰাজখোৱা, নৱজ্যোতি কলিতা, পৰিস্মিতা কাশ্যপ আৰু ফাকুলিমা ৰাজবংশী উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহ প্ৰদান কৰে।
- Log in to post comments
- 11 views