#বকোৰ পৰা বিষ্ণুৰাম দাস:
অসমৰ খিলঞ্জীয়া জনগোষ্ঠী যোগীসকলৰ জাতীয় সংগঠন অসম প্ৰাদেশিক যোগী সন্মিলনীৰ অন্যতম আঞ্চলিক সমিতি কামৰূপ জিলাৰ 'পশ্চিম কামৰূপ আঞ্চলিক যোগী সন্মিলনী'ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে জাতীয় অভিৱৰ্তন। বকো আৰক্ষী থানাৰ অন্তৰ্গত শিংৰাত অনুষ্ঠিত কৰা হৈছে যোগী সন্মিলনীৰ জাতীয় অভিৱৰ্তনখন। শিংৰাত জাতীয় অভিৱৰ্তন উদযাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ নাথ আৰু সম্পাদক তপন নাথ,পশ্চিম কামৰূপ আঞ্চলিক যোগী সন্মিলনীৰ সভাপতি মৃণাল কুমাৰ নাথ আৰু সম্পাদক বিজয় কুমাৰ নাথে জনোৱা মতে অভিৱৰ্তনৰ কাৰ্য্যসূচী অনুসৰি অনুষ্ঠানস্থলীত পুৱা পৰিৱেশ নিকাকৰণৰ পিছতেই মুখ্যদ্বাৰ উদ্ঘাটন কৰে উপদেষ্টা গিৰীশ চন্দ্ৰ নাথে। অভিৱৰ্তন উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ সম্পাদক জয়ন্ত নাথে আঁঁত ধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি মৃণাল কুমাৰ নাথে। অনুষ্ঠানত যোগী সন্মিলনীৰ বিষয়ববীয়াসকলক ঊষ্ম সম্ভাষণ জনোৱা হয়।
জাতীয় অভিৱৰ্তনৰ লগত সংগতি ৰাখি বিস্তৃত কাৰ্য্যক্ৰমণিকা ৰূপায়ণ কৰা হয়।গল্পকাৰ-কবি সত্যপ্ৰিয়ম নাথে আঁঁত ধৰা অনুষ্ঠানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্ভাষণ জনোৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত কৰে "সাম্প্ৰতিক ৰাজনৈতিক পটভূমিত জাতীয় সংগঠনৰ ভূমিকা" শীৰ্ষক আলোচনা-চক্ৰ। উল্লেখ্য যে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰবীণ কুমাৰ নাথে সঞ্চালনা কৰা আলোচনা-চক্ৰৰ আলোচক হিচাপে উপস্থিত থাকে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড: প্ৰাণেশ্বৰ নাথ,জ্যোতিষী শাস্ত্ৰী আচাৰ্য প্ৰবীণ নাথ,অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ সভানেত্ৰী চিত্ৰলেখা চৌধুৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট সমাজকৰ্মী।আনহাতে,আলোচনা-চক্ৰৰ পিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। দুদিনীয়া বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা জাতীয় অভিৱৰ্তনৰ কাইলৈ অনুষ্ঠিত কৰা হ'ব মুকলি সভা। সকলো কাৰ্য্যসূচীতে ৰাইজৰ সহযোগ তথা উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
- Log in to post comments
- 17 views