লংকাত খাদ্যত বিষক্ৰিয়া হৈ দুটি শিশুৰ মৃত্যু

Pic

#লংকাৰ পৰা মনোজ কুমাৰ পাঠক:

লংকাৰ ১ নং ৱাৰ্ডত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা।খাদ্যত বিষক্ৰিয়া হৈ একে ঘৰৰে দুটা সন্তানৰ মৃত্যু হোৱাৰ লগতে আন এজনে জীৱন-মৰণৰ স'তে যুঁজি আছে গুৱাহাটীৰ চিকিৎসালয়ত।

মৃত্যু হোৱা দুই শিশু ক্ৰমে,অৰ্ণৱ কৰ(১১) আৰু অভিক কৰ(৪)। আনহাতে, শিশু দুটাৰ পিতৃ অজয় কৰ বৰ্তমান গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন।

উল্লেখ্য যে অজয় কৰৰ পিতৃৰ ১১ দিন পূৰ্বে মৃত্যু হোৱাত পৰিয়ালৰ লোকে ব্ৰত পালন   কৰি নীতি-নিয়ম অনুসৰি খাইছিল ফল-মূল আৰু বুটমাহ।

যোৱা মঙলবাৰে নিশা বুটমাহ খোৱাৰ পিছৰ পৰাই পৰিয়ালটোৰ প্ৰায়ভাগ লোক অসুস্থ হৈ পৰিছিল।

পৰৱৰ্তী সময়ত চিকিৎসালয়ৰ কাষ চাপে যদিও ঘৰখনৰ এটি সন্তানক গুৱাহাটীলৈ নিয়াৰ পথতেই নগাঁও পাওঁঁতেই মৃত্যু হয়।আনটো শিশুয়ে গুৱাহাটীৰ চিকিৎসালয়ত মৃত্যুক সাৱটি লয়।

মৃত দুই সন্তানৰ পিতৃ অজয় কৰ বৰ্তমান সংকটজনক অৱস্থাত মৃত্যুৰ স'তে যুঁজি আছে গুৱাহাটীৰ চিকিৎসালয়ত।

বুট খোৱাৰ পিছতেই এনে মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ অন্যান্য লোকৰ।

 

Your Comments