একেৰাহে ভাৰতীয় মুদ্ৰাৰ মূল্য কমি গৈ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অতিৰিক্ত ৬৮,৬০০ কোটি টকা বিদেশী ঋণৰ বাবদ পৰিশোধ কৰিব লাগিব ৷ ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা শুকুৰবাৰে এক বিবৃতিত এই কথা জনোৱা হয় ৷
ষ্টেট বেংকৰ তৰফৰ পৰা কোৱা হয় যে কেৱল খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবদ অতিৰিক্ত ব্যয়েই একমাত্ৰ সমস্যা নহয়, টকাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা বজাৰত একেৰাহে হ্ৰাস হৈ থকাত বিদেশী ঋণ পৰিশোধো এক ডাঙৰ সমস্যা হৈ পৰিছে ৷
সমাগত মাহবিলাকত টকাৰ দাম কমি গৈ থকাৰ কাৰণেই হ্ৰাস্বম্যাদী বিদেশী ঋণ পৰিশোধ বাবদ অতিৰিক্ত ৬৮,৫০০ কোটি টকা ব্যয় কৰিব লাগিব ৷ ষ্টেট বেংকৰ বিবৃতিত কোৱা হয়, চলিত বছৰত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ১১ শতাংশ হ্ৰাস পাইছে ৷
চলিত বছৰৰ প্ৰথম ভাগৰে পৰাই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা বজাৰত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাই আছে ৷ যোৱা বৃহস্পতিবাৰে পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰি টকাৰ মূল্য সৰ্বনিম্ন হয়গৈ আৰু প্ৰতি ডলাৰত বিনিময় হাৰ হয়গৈ ৭২.১২ টকা ৷
ষ্টেট বেংকৰ তৰফৰ পৰা কোৱা হয় যে যদি সমাগত দিনত টকাৰ বিনিময় হাৰ গড় হিচাপত ৭৩ টকা হয়গৈ আৰু চলিত বৰ্ষটোৰ বাকী মাহবিলাকৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য গড় হিচাপত প্ৰতি বেৰেলত ৭৬ ডলাৰ অব্যাহত থাকে তেনেহ’লে খাৰুৱা তেল আমদানিৰ বাবদ চৰকাৰৰ ব্যয়ৰ পৰিমাণ ৪৫,৭০০ কোটি টকালৈ বাঢ়ি যাব ৷
ভাৰতীয় ষ্টেট বেংকৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা সৌম্যকান্তি ঘোষে কয় যে খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু ক্ৰমাগতভাৱে টকাৰ দাম কমি গৈ থকাত ভাৰতৰ হ্ৰাস্বকালীন বিদেশী ঋণৰ পৰিমাণ বাঢ়ি গৈছে ৷
এই ঋণৰ ভিতৰত আছে বিভিন্ন কোম্পানীৰ বাণিজ্যিক বিদেশী ঋণ আৰু অনাবাসীকলৰ জমা ধন ৷ ২০১৭ চনত এই ঋণৰ মুঠ পৰিমাণ আছিল ২১,৭৬০ কোটি ডলাৰ৷
তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ বাকী মাহবিলাকত বিদেশী ঋণৰ বাবদ প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ বিনিময় হাৰ গড় ৭১.৪ টকা হিচাপত মুঠ ৭.৮ লাখ কোটি টকা পৰিশোধ কৰিব লাগিব ৷ আৰু এই বিদেশী ঋণ পৰিশোধ কৰিবলৈ গৈ প্ৰায় ৭০,০০০ কোটি টকা অতিৰিক্ত ভৰিব লাগিব ৷
- Log in to post comments
- 16 views