মোডী চৰকাৰৰ ৪ বছৰ : বিমুদ্ৰাকৰণৰ ফলাফল

মোডী চৰকাৰৰ ৪ বছৰ : বিমুদ্ৰাকৰণৰ ফলাফল

# বিমুদ্ৰাকৰণৰ ফলত দেশত আঢ়ৈ লক্ষ কোটি টকাৰ সম্পদ সৃষ্টি কমিল ৷

# শতাধিক মানুহৰ মৃত্যু হ’ল ৷

# কমেও ১৫ কোটি মানুহ কৰ্মহীন হ’ল ৷ বহু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় প্ৰতিষ্ঠান আৰু উদ্যোগ বন্ধ হৈ গ’ল ৷

গ্ৰামীণ আৰু প্ৰান্তীয় অৰ্থনীতিলৈ চৰম আঘাত নামি আহিল ৷

সেই অৱস্থাৰ পৰা এতিয়াও মুক্ত হোৱা নাই ক্ষুদ্ৰ উদ্যোগী আৰু ব্যৱসায়ীসকল ৷

মোডী চৰকাৰৰ ৪ বছৰ : বিমুদ্ৰাকৰণৰ ফলাফল

# ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ, মজলীয়া ব্যৱসায়ীসকলৰ অনাদায়ী ঋণৰ পৰিমাণো কেৱল ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা ২০১৮ চনৰ মাৰ্চলৈকে ৮,২৪৯ কোটি টকাৰ পৰা বাঢ়ি ১৬,১১৮ কোটি টকা হ’লগৈ ৷

এই সময়ছোৱাত ক্ষুদ্ৰ বিনিয়োগকাৰীসকলৰ অনুৎপাদনশীল সম্পদ আৰু ‘বেড লোন’ (Bad Loan)ৰ পৰিমাণ ৮২,৩৮২ কোটিৰ পৰা বাঢ়ি ৯৮,৫০০ কোটি টকা হয়গৈ ৷

অথচ এই সময়ছোৱাত ক্ষুদ্ৰ উদ্যোগীসকললৈ ঋণদানৰ পৰিমাণ ৬৬.৬১ শতাংশৰ পৰা হ্ৰাস পাই ৬৫.৩২ শতাংশ হৈছেগৈ ৷ ঋণ পৰিশোধৰ হাৰো হ্ৰাস পাইছে ৷

# বিমুদ্ৰাকৰণৰ ফলত পুৰণি মুঠ ১৫.৪১ লাখ কোটি টকাৰ নোটৰ ভিতৰত ৯৯.৩ শতাংশ অৰ্থাৎ ১৫.৩১ লাখ কোটি টকাৰ নোট ৰিজাৰ্ভ বেংকলৈ উভতি আহিছে ৷ মাত্ৰ দহ হেজাৰ কোটি টকাৰ পুৰণি নোট উভতি অহা নাই ৷

মোডী চৰকাৰৰ ৪ বছৰ : বিমুদ্ৰাকৰণৰ ফলাফল

কিন্তু বজাৰত এই পুৰণি নোটৰ পৰিৱৰ্তে সমপৰিমাণৰ নহয়, বৰং পূৰ্বতকৈ অধিক পৰিমাণৰ নতুন ৫০০ আৰু ২০০০ টকীয়া নোটেৰে বজাৰ ভৰাই দিয়া হ’ল ৷

ইয়াৰ বাবে অৰ্থাৎ নতুন নোট ছপা কৰাৰ বাবদ চৰকাৰে ব্যয় কৰিলে ২০১৫-১৬ চনত ৩,৪২১ কোটি টকা, ২০১৬-১৭ চনত ৭,১৬৫ কোটি টকা আৰু ২০১৭-১৮ চনত ৪,৯১২ কোটি টকা ৷

মুঠ ১২.৮৭৭ কোটি টকা অবাবতে শৰাধ কৰিলে মোডী চৰকাৰে ৷ কেৱল সেয়াই নহয়, সমগ্ৰ বিমুদ্ৰাকৰণৰ বাবদ চৰকাৰৰ ব্যয় হয় মুঠ ২১ হেজাৰ কোটি টকা ৷

# মোডীয়ে বিমুদ্ৰাকৰণৰ সপক্ষে যুক্তি দৰ্শাবলৈ গৈ দেশত নগদবিহীন অৰ্থনীতিৰ সপোন দেখুৱাইছিল ৷ কিন্তু দেখা গ’ল নগদবিহীন বা 'কেশ্বলেছ'তো দূৰৰে কথা, নগদ টকাৰ যোগান এতিয়া বজাৰত পূৰ্বতকৈও বেছি ৷

মোডী চৰকাৰৰ ৪ বছৰ : বিমুদ্ৰাকৰণৰ ফলাফল

# বিমুদ্ৰাকৰণৰ ফলত তাৎক্ষণিকভাৱে দেশত কৃষি খণ্ড, বিশেষকৈ কৃষিপণ্য ৰপ্তানি, সেৱা খণ্ড ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় ৷

বিদেশী বিনিয়োগ ব্যাপকভাৱে হ্ৰাস পায় ৷ কেৱল সেয়াই নহয়, তাৎক্ষণিকভাৱে ২০১৬-১৭ বৰ্ষৰ অন্তিম ভাগত ৬১ শতাংশলৈ নামি যায় ৷

এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা বিভাগে শোহতীয়াকৈ দেশৰ ডিজিপিৰ হাৰ ২০১৮-১৯ বৰ্ষৰ প্ৰথম তিনিমাহত ৮.২ শতাংশ হোৱাৰ লগতে চীনকো চেৰ পেলোৱা বুলি দাবী কৰিছে ৷

দেশত এতিয়া কাৰেণ্ট একাউণ্ট ঘাটিয়ে সৰ্বকালৰ অভিলেখ অতিক্ৰম কৰিছে ৷ চলিত বৰ্ষৰ প্ৰথমভাগত কাৰেণ্ট একাউণ্টৰ ঘাটি আছিল ২৬০ কোটি ডলাৰ ৷ বৰ্তমান বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহতে সেই ঘাটিৰ পৰিমাণ বাঢ়ি ১,৩০০ কোটি ডলাৰ হৈছেগৈ ৷

মোডী চৰকাৰৰ ৪ বছৰ : বিমুদ্ৰাকৰণৰ ফলাফল

বিদেশী মুদ্ৰাৰ ভঁৰালতো সঞ্চয়ৰ পৰিমাণ ব্যাপক হাৰত হ্ৰাস পাইছে ৷ দেশৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি ১,৮২০ কোটি ডলাৰ হৈছৈগৈ ৷

ডলাৰৰ বিপৰীতে ভাৰতৰ টকাৰ মূল্য পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰি হ্ৰাস পাইছে আৰু প্ৰতি ডলাৰৰ বিপৰীতে বিনিময় হাৰ হৈছ ৭২ টকা ৷

# পূৰ্বৰ ইউ পি এ চৰকাৰৰ আমোলত ডলাৰৰ বিপৰীতে টকাৰ বিনিময় হাৰ যেতিয়া ৬০ টকা হৈছিল সেই সময়ত এইগৰাকী মোডীয়েই মনমোহন সিং চৰকাৰক আক্ৰমণ কৰি থকাসৰকা কৰিছিল ৷

এতিয়া সৰ্বকালৰ অভিলেখ অতিক্ৰম কৰি টকাৰ দাম কমিল আৰু প্ৰতি ডলাৰত বিনিময় হাৰ ৭২ টকা হ’লগৈ- এতিয়া মোডী আশ্চৰ্যজনকভাৱে নীৰৱ !

# পূৰ্বৰ মনমোহন সিঙৰ চৰকাৰৰ আমোলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য যেতিয়া প্ৰতি বেৰেলত ১১০ ডলাৰ অতিক্ৰম কৰিছিল, তেতিয়া ভাৰতত পেট্ৰ'লৰ মূল্য আছিল প্ৰতি লিটাৰত ৭০ টকাৰ তলত ৷

মোডী চৰকাৰৰ ৪ বছৰ : বিমুদ্ৰাকৰণৰ ফলাফল

# এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ৭০ ডলাৰ হোৱা সত্ত্বেও মোডী চৰকাৰে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮০ টকাৰো অধিক হাৰত বঢ়াইছে ৷

পূৰ্বৰ ইউ পি এ চৰকাৰৰ আমোলত বা কৰ্প'ৰেট গোষ্ঠীবোৰে পৰিশোধ নকৰা ঋণৰ পৰিমাণ আছিল ২ লক্ষ কোটি টকা ৷

এতিয়া নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ আমোলত সেই অনাদায়ী ঋণৰ পৰিমাণ ১০ লক্ষ কোটি টকা অতিক্ৰম কৰিছে ৷

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি, যোৱা ২০১৭ চনৰ অক্টোবৰলৈকে ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ অনুৎপাদনশীল সম্পদৰ (অনাদায়ী ঋণ) পৰিমাণ বাঢ়ি ১৪,৫৬০ কোটি ডলাৰ হৈছেগৈ, যিটো ৰাষ্ট্ৰীয়কৃত বেংকসমূহে প্ৰদান কৰা মুঠ ঋণৰ ১২.৬ শতাংশ ৷

Your Comments