আৰক্ষী বিষয়া গুলজাৰ হুছেইনৰ হত্যাত অভিযুক্ত ৩উগ্ৰপন্থীৰ বিৰুদ্ধে নিয়া'ৰ অভিযোগনামা দাখিল

Gulzar Hussain

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুলজাৰ হুছেইনৰ মৃত্যুত জড়িত অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা, চমুকৈ নিয়া'ই দাখিল কৰিলে অভিযোগনামা।

তদন্তকাৰী সন্থাটোৱে নিয়া'ৰ বিশেষ আদালতত শুক্ৰবাৰে আৰক্ষী বিষয়াজনৰ মৃত্যুত অভিযুক্ত ৩জন এনডিএফবি সংবিজিত উগ্ৰপন্থীৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগনামা।

অভিযুক্ত উগ্ৰপন্থী কেইজন ক্ৰমে বিষ্ণু নাৰ্জাৰী, নিতুল দৈমাৰী, ৰাণীলুইচ দৈমাৰী ওৰফে মনঠাই।

অভিযুক্ত কেইজনৰ বিৰুদ্ধে ধাৰা ১৬/১৮/২০ বে-আইনী কাৰ্যকলাপ সংলগ্ন ধাৰা ৩৪/১২০(খ)/৩০২/৩০৭/৩২৬ আইপিচি ২৭ অস্ত্ৰ আইনৰ অধীনত নিয়াই দাখিল কৰে অভিযোগনামা।

উল্লেখ্য, ২০১৪ চনৰ ২৮জানুৱাৰীত  ঢেঁকীয়াজুলি আৰক্ষী চকীত ৰুজু হোৱা ৬১/২০১৪ নম্বৰ গোচৰটো ২০১৯ চনৰ ৭ আগষ্টত নিয়া'লৈ হস্তান্তৰ কৰা হৈছিল। হস্তান্তৰিত  গোচৰটো নিয়াই ৯/২০১৯নম্বৰত নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত চলাইছিল।

Your Comments