উত্তৰ-পশ্চিম মৰক্কোৰ এক বিশাল পর্বতমালা,যাক পৃথিৱীৰ গোলক বা মেপত বিচাৰি পোৱা নাযাব।কাৰণ তাত ইয়াৰ অস্তিত্বই নাই।অথচ, ভূপৃষ্ঠৰ ৪৪০ মাইল ওপৰৰপৰা নাছাৰ (NASA) মহাকাশযানে নিখুঁত স্থিৰছবি তুলিছে ইয়াৰ । এই পৰ্বতমালাৰ জন্ম এতিয়াৰ নহয় ৷ প্রায় ৮ কোটি বছৰৰ আগতেই ইয়াৰ জন্ম। এই পর্বতমালাৰ জন্মবৃত্তান্ত সন্দৰ্ভত নাছাই জনাইছে,ভূগর্ভত আফ্রিকান আৰু ইউৰেছিয়ান দুই দৈত্যাকাৰ টেকটনিক প্লেটৰ মাজত প্রায় ৮ কোটি বছৰৰ আগতে এক প্রৱল সংঘৰ্ষ হয়।সেই সংঘৰ্ষতেই টেথিছ মহাসাগৰ মন্থন কৰি মূৰ দাঙি উঠে সেই বিশাল পর্বতমালা।চিন্তা কৰি চোৱাৰ কথা যে হিমালয় পর্বতমালাও এই টেথিছ মহাসাগৰ মন্থন কৰিয়েই উঠি আহিছিল প্রায় ৪ কোটি বছৰৰ আগতে।আফ্রিকান-ইউৰেছিয়ান এই পর্বতমালা সৃষ্টি হৈছে আনুমানিক ৮ কোটি বছৰৰ আগতে।অর্থাৎ,হিমালয়ৰো দুগুণ বয়স এই পর্বতমালাৰ।
নাছাই জনাইছে, ছেন্দষ্ট’ন, চূণশিল, জিপচাম,মাটি ইত্যাদিৰ সমন্বয়ত যি পাথৰ গঢ় লয়, তাৰেই সৃষ্টি হৈছিল এই পর্বতমালাৰ।পৃথিৱীৰ কক্ষপথত ঘূৰি থাকোতে ৪৪০ মাইল ওপৰৰপৰা সেই পর্বতমালাৰ আলোকচিত্ৰ তুলিছিল নাছাৰ ‘টেৰা’ উপগ্রহে ২০০৭ চনৰ ৫ নবেম্বৰত । পৃথিৱীৰ কক্ষপথৰপৰা পর্যবেক্ষণৰ বাবে প্রথমে যিটো উপগ্রহ পঠোৱা হৈছিল,সেইটোৱেই হৈছে 'টেৰা'। টেৰাৰ উৎক্ষেপণ হৈছিল ১৯৯৯ চনত।
আলোকৰ বর্ণালীৰ যি অংশ আমাৰ খালি চকুৰে দেখা নাপায়, সেই ইনফ্রাৰড লাইটত পর্বতমালাটোৰ ফটো তুলিছিল নাছাৰ উপগ্রহে।পর্বতমালাৰ পাথৰৰ বিভিন্ন স্তৰসমূহ খুব ভালদৰে বুজিব পাৰি আলোকচিত্ৰখনত।
- Log in to post comments
- 14 views