বিলাসীপাৰাৰ প্ৰতিবেদক:
ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ চিকিৎসা বিভাগৰ ৰাজ্যিক সদস্য তথা ধুবুৰী পূব জিলা কমিটিৰ প্ৰভাৰী ডঃ ছাইফুৰ ৰহমানৰ নেতৃত্বত ৩ ফেব্ৰুৱাৰীত বৰকান্দা গাওঁ পঞ্চায়তৰ বোৱাল কামৰী গাঁঁৱত এখন জনসভাত চিপিআই,কংগ্ৰেছ,এআইইউডিএফ দলৰ প্ৰায় দুই শতাধিক পুৰুষ- মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।উল্লেখ্যোগ্য যে উক্ত জনসভাখনত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সদস্য আশ্ৰাৱ আলীকে ধৰি কেইবাগৰাকী বিজেপি নেতা উপস্থিত থাকে।
- Log in to post comments
- 13 views