কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত পতাহী বিলত ২ ফেব্ৰুৱাৰীত উদযাপন কৰা হয় 'বিশ্ব জলাশয় দিৱস'। এই উপলক্ষে জলাশয়ৰ জৈৱ বৈচিত্ৰতা তথা পানী সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি এখন সভাৰ আয়োজন কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
দিৱস উদযাপনত কলিয়াবৰৰ ৭খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে। বিশ্ব জলাশয় দিৱসত উপস্থিত থাকে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ,প্ৰকৃতিপ্ৰেমী ভূপেন শৰ্মা।
- Log in to post comments
- 19 views