নাৰায়ণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত মদাৰগুৰিত পথ দুৰ্ঘটনাত আহত অচিনাক্ত ব্যক্তিৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ বুধবাৰে নিশা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মদাৰগুৰিত সংঘটিত হৈছিল দুৰ্ঘটনাটো । প্ৰত্যক্ষদৰ্শীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে, ৰঙা ৰঙৰ এখন টাটা মেজিকে খুন্দিয়াই থৈ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷
ইয়াৰ পিছতেই নাৰায়ণপুৰ আৰক্ষী থানাত ফোনযোগে স্থানীয় ৰাইজে ঘটনাটো জনায় আৰু লগে লগে আৰক্ষীৰ দল উপস্থিত হৈ আহত ব্যক্তিজনক ধলপুৰ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় প্ৰায় ৭৫ বছৰীয়া লোকজনৰ ৷
নিহত অচিনাকি ব্যক্তিজনৰ মৃতদেহ নাৰায়ণপুৰ আৰক্ষীয়ে পুৱাই মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে ৷ বৰ্তমানলৈকে লোকজনক চিনাক্ত কৰিব নোৱাৰাত বিপাঙত পৰিছে নাৰায়ণপুৰ আৰক্ষী ৷
- Log in to post comments
- 52 views