ডিব্ৰুগড়ত মুখ্য মন্ত্ৰী-শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ আটছাৰ

ডিব্ৰুগড়ত মুখ্য মন্ত্ৰী-শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ আটছাৰ

আজি ৰাজ্যজুৰি অসম চাহ জনজাতি ছাত্র সন্থাই দাহ কৰে মুখ্য মন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীৰ পুত্তলিকা ।

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত আজি চাহ জনগোষ্ঠীয় ছাত্র সংগঠনটোৱে বাগিচাই বাগিচাই ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বতো আজি জিলাখনৰ কেইবাখনো বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰে ।

বিশেষকৈ আটছা ডিব্ৰুগড় শাখাই মানকটা আৰু ইদা বাগিচাত, আটছা বৰবৰুৱা শাখাই লেপেটকটা, বৰবৰুৱা, বলাই, দেৱানবাৰী আদি বাগিচাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শ্ৰমমন্ত্ৰী পল্লৱলোচন দাসৰ পুত্তলিকা দাহ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

আনহাতে, এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰে চাহ শ্ৰমিকৰ দৈনিক মজিুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবৰ বাবে দাবী উত্থাপন কৰে ।
 

Your Comments