তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনোজ শৰ্মাৰ ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াত যোগদান

Pic

অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছ ত্যাগ কৰি ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াত যোগদান এগৰাকী জ্যেষ্ঠ নেতাৰ।তৃণমূল কংগ্ৰেছৰে থকা ১০ বছৰীয়া সম্পৰ্কৰ অৱসান ঘটাই শুকুৰবাৰে ড: বাবাচাহেব আম্বেদকাৰৰ আদৰ্শত পৰিচালিত আৰপিআই যোগদান কৰে মনোজ শৰ্মাই।

তৃণমূল কংগ্ৰেছ ৰাজ্যিক সাধাৰণ সম্পাদক আছিল শৰ্মা।

গুৱাহাটীৰ ছয়মাইলত বৃহস্পতিবাৰে এটা যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে আৰপিআইত যোগ দিয়ে শৰ্মাই।

'তৃণমূল দলত থাকি বহুত কষ্ট পালোঁ।দলটো আগবঢ়াই নিব নোৱাৰিলোঁ।দলৰ কাৰ্যকর্তা বা হাইকমাণ্ডৰ সঁহাৰি অলপ সুকীয়া।য'ত সাধাৰণ জনতাই কাম কৰিবলৈ নোৱাৰো"- নতুন দলত যোগদান কৰি এইদৰে কয় শৰ্মাই।

জাতিভেদ নাৰাখি সাধাৰণ জনতাৰ বাবে কাম কৰা দেখি নতুন দলত যোগাদান কৰা বুলি উল্লেখ কৰি শৰ্মা কয়-"যদি নেতৃত্বই সুবিধা দিয়ে তেন্তে আগন্তক নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াম।"

উল্লেখ যে অহা নির্বাচনত আৰপিআই দলটোৱে ৪-৫ টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বুলি দলটোৰ ৰাজ্যিক নেতৃত্বই কয়।

আনহাতে নৱ-গঠিত আঞ্চলিক দল এজেপিৰ সৈতেও মিত্ৰতাৰ বাবে তেওঁলোকে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে।

Your Comments