১৯৫৯ চনত প্ৰতিষ্ঠিত মধ্য অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ শুভাৰম্ভ অনুষ্ঠান অহা ৭ ছেপ্টেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব ।
কাৰ্যসূচী অনুসৰি ৭ ছেপ্টেম্বৰৰ পুৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজা আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৬০খন পতাকা উত্তোলন কৰাৰ পিছত আনন্দৰাম ঢেকীয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন আৰু গ্ৰন্থমেলা-আলোকচিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হ'ব ।
ইয়াৰ পাছতে অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথিৰূপে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথিৰূপে কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাই আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও বক্তি আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব ।
সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান, বন্তি প্ৰজ্জ্বালন আৰু আলোকসজ্জা কৰা হ'ব । ৮ ছেপ্টেম্বৰত পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত গুৰু-শিষ্যৰ মিলন সমাৰোহ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আৰু নিশা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।
৯ ছেপ্টেম্বৰৰ পুৱা তৰ্ক প্ৰতিযোগিতা আৰু বিয়লি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান । ১০ ছেপ্টেম্বৰৰ পুৱা নৱাগত ছাত্ৰ-ছাত্ৰীৰ আদৰণী অনুষ্ঠান আৰু বিয়লি মুখ্য সাংস্কৃতিক অনুষ্ঠানেৰে চাৰিদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ'ব বুলি উদ্যাপন সমিতিৰ সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে জানিবলৈ দিছে ।
- Log in to post comments
- 23 views