বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ মাজত আইনৰ লগত জড়িত বিষয়সমূহৰ বিশদ জ্ঞান সম্প্ৰসাৰণৰ বাবে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও আৰু হোজাই জিলাৰ অন্তৰ্গত মুঠ ১০খন বিদ্যালয়ত "আইনী সাক্ষৰতা সংঘ" স্থাপন কৰা হৈছিল ৷
এই বছৰৰ মাৰ্চ মাহত উক্ত আইনী সাক্ষৰতা সংঘৰ জৰিয়তে প্ৰত্যেকখন বিদ্যালয়তে আইনৰ বিষয়ে জ্ঞান সম্প্ৰসাৰণ কৰা হৈছিল | নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণিতা মৰাঙৰ সহযোগিতাত প্ৰত্যেক মাহতে দুটাকৈ 'লিগেল লিটাৰেচী ক্লাছ' প্ৰতিটো আইনী সাক্ষৰতা সংঘত আয়োজন কৰা হয় ৷
ইয়াৰ জৰিয়তে বিভিন্ন আইনী সুৰক্ষাসমূহৰ বিষয়ে ছাত্র-ছাত্রীসকলক বিস্তৃত জ্ঞান প্ৰদান কৰা হয় | উক্ত আইনী সাক্ষৰতা সংঘৰ ছাত্র-ছাত্রীসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত "বৰ্তমান যুগত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আছে" শীৰ্ষক এখনি তৰ্ক প্ৰতিযোগিতা আয়োজন কৰা হয় |
উক্ত তৰ্ক প্ৰতিযোগিতাত হোজাই জিলাৰ অন্তৰ্গত ৫খন বিদ্যালয় ক্ৰমে দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণ লামডিং বিদ্যালয়, ভালুকমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে |
উক্ত তৰ্ক প্ৰতিযোগীতাত বিচাৰক হিচাপে থাকে নগাঁও উকিল সন্থাৰ অধিবক্তা ক্ৰমে মুকুল প্ৰসাদ বৰঠাকুৰ, ৰূপালী গোস্বামী আৰু শ্বাহনাজ চুলতানা | তৰ্ক প্ৰতিযোগিতাখনিত অধ্যক্ষৰ আসনত থাকে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিৱ প্ৰণিতা মৰাং ৷
তেওঁ ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কয় যে পিতৃ-মাতৃক মৃত্যুৰ আগলৈকে ভগৱানৰূপে শ্ৰদ্ধা জ্ঞাপন কৰাই প্ৰতিজন ব্যক্তিৰ পৰম ধৰ্ম | পিতৃ-মাতৃক বৃদ্ধাৱস্থাত হেয় জ্ঞান কৰি বোজা বুলি গণ্য কৰা লোকসকল কোনোকালেই মানুহৰ শাৰীত নপৰে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে |
তৰ্কৰ বিষয়-বস্তুৰ লগত সংগতি ৰাখি প্ৰতিযোগিতাৰ অধ্যক্ষ প্ৰণিতা মৰাঙে অভিভাৱক আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আইনখনৰ বিষয়েও ছাত্র-ছাত্রীসকলক অৱগত কৰে |
তৰ্ক প্ৰতিযোগিতাখনিত ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত পূজাৰীয়েও চমু বক্তব্য প্ৰদান কৰে | প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগী কেইগৰাকী হ'ল ক্ৰমে ৰাহুল মজুমদাৰ, নাটহমা বেগমআৰু ৰুকমিনা বেগম ৷
উল্লেখ্য যে ছাত্র-ছাত্রীসকলৰ তথা সমাজৰ সৰ্বাংগীণ কল্যাণ সাধন তথা সুৰক্ষাৰ বাবে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণিতা মৰাঙে "আইনী সাক্ষৰতা সংঘ"ৰ সচেতনতামূলক কাৰ্যসূচীসমূহ জিলাখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত বিদ্যালয়-মহাবিদ্যালয়সমূহতো অনাগত দিনত অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে |
- Log in to post comments
- 73 views