সমকামিতা ভাৰতত অপৰাধ নহয় : ছুপ্ৰিম কোৰ্টৰ ঐতিহাসিক ৰায়দান

সমকামিতা ভাৰতত অপৰাধ নহয় : ছুপ্ৰিম কোৰ্টৰ ঐতিহাসিক ৰায়দান

এতিয়াৰে পৰা ভাৰতত সমকামিতা অপৰাধ নহয় ৷ সমকামিতা মানসিক বিসংগতিও নহয় ৷ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে আজি এই ঐতিহাসিক ৰায়দানেৰে সমকামীসকলৰ অধিকাৰক এক নতুন মাত্ৰা প্ৰদান কৰিলে ৷

উল্লেখ্য যে সমকামিতা সম্পৰ্কত উচ্চতম ন্যায়ালয়ে ২০১৩ চনত দিয়া নিজস্ব ৰায়ক শুধৰণি কৰি আজি এই ঐতিহাসিক ৰায়টো প্ৰদান কৰে ৷ ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে ধাৰা ৩৭৭ৰ অধীনত ভাৰতত সমকামিতা নিষিদ্ধ কৰিছিল ৷

সমকামিতা ভাৰতত অপৰাধ নহয় : ছুপ্ৰিম কোৰ্টৰ ঐতিহাসিক ৰায়দান

সমকামিতা সম্পৰ্কত ঐতিহাসিক ৰায়দান কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই সমকামীসকলৰ পক্ষত কয়, 'মোক মোৰ ধৰণেই গ্ৰহণ কৰিব দিয়ক ৷'
উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ক আদৰণি জনাইছে বিভিন্ন পক্ষই ৷

ভাৰতত সমকামিতাক বৈধতা প্ৰদান কৰি ছুপ্ৰিম কোৰ্টে দিয়া ৰায়ক আদৰণি জনাই কংগ্ৰেছে এক টুইটাৰ বাৰ্তাত কয়, 'দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে আজি প্ৰদান কৰা এই প্ৰগতিশীল ৰায়ক আমি আদৰণি জনাইছোঁ ৷

আশাকৰো এই ৰায়ে দেশত এখন অধিক সমতাপূৰ্ণ সমাজ সৃষ্টি কৰিব ৷' একেদৰে ভাৰতৰ ৰাষ্ট্ৰসংঘ কৰ্তৃপক্ষয়ো উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে ৷ নতুন প্ৰজন্মৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰা লেখক চেতন ভগতে এ ইৰায়ত আনন্দ প্ৰকাশ কৰিছে ৷

আনহাতে, ফাৰহান আখতাৰ, সোণম কাপুৰ, কৰণ জোহৰকে ধৰি বলীউডৰ বহু নামী-দামী তাৰকাই উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়টোক স্বাগতম জনায় ৷

Your Comments