নাগ্ৰীজুলিত প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনা সজাগতা সভা

নাগ্ৰীজুলিত প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনা সজাগতা সভা

সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ নাগ্ৰীজুলিৰ ছয়টাকৈ চক্ৰৰ অন্তৰ্গত মুঠ ১২০টা অংগনৱাড়ী কেন্দ্ৰক সামৰি প্ৰফেচন মন্ত্ৰী  মাত্ৰু বন্দনা যোজনাৰ অধীনত আজি মাত্ৰু সপ্তাহ সজাগতা সভা অনুষ্ঠিত হয় ।

এই উপলক্ষে আজি পুৱা ১০ বজাত বাল্টিপাৰ গাঁৱৰ এটি অংগনৱাড়ী কেন্দ্ৰৰ পৰা অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, মাতৃগোটৰ কৰ্মী, আশাকৰ্মী, গাঁৱৰ সাধাৰণ মহিলা, অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াকে ধৰি বিভিন্ন মহিলা সংগঠনৰ মহিলাসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ আদি লৈ এক শোভাযাত্ৰা উলিয়ায় ।

শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ সপক্ষে বিভিন্ন শ্লোগান দি এই যোজনা সফল ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

নাগ্ৰীজুলি অঞ্চলৰ ৰাজপথ পৰিভ্ৰমণ কৰি শোভাযাত্ৰাকৰী দলটোৱে নাগ্ৰীজুলি দুৰ্গা মন্দিৰ প্ৰাংগণত এই শোভাযাত্ৰাৰ সামৰণি মাৰে । শোভাযাত্ৰাৰ অন্তত দিনৰ ১২ বজাত দুৰ্গা মন্দিৰ প্ৰাংগণত স্থানীয় সময় কৰ্মী শিৱ অধিকাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত মাত্ৰু বন্দনা সপ্তাহ সজাগতা সভাৰ উদ্দেশ্য বাখ্যা কৰে অংগনৱাড়ী কেন্দ্ৰসমূহৰ মুখ্য সেৱিকা নিজৰা মেধিয়ে ।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পিৰামল ফাউণ্ডেচন আৰু নিটি আয়োগৰ তামুলপুৰ আৰু নাগ্ৰীজুলিৰ ব্লক ট্ৰেন্সফৰ্মেচন বিষয়া মিন্টু শইকীয়া আৰু পূৰবী খাখলাৰীয়ে প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ বিষয়ে বিতংকৈ বিৱৰি কয় ।

ভাষণৰ অন্তত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ লগত মত বিনিময় কৰি বিভিন্ন সমস্যাৰ সমাধানো দিয়ে বিষয়া দুগৰাকীয়ে । তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ মুখ্য সেৱিকা মধুৰী দাসেও অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ লগতে উপস্থিত মহিলাসকলক উদ্দেশ্যি গৰ্ভৱতী মাতৃৰ স্বাস্থ্যৰ যত্ন আৰু প্ৰতিপালন, প্ৰয়োজনীয় চিকিৎসা, নৱজাতকৰ বাবে মাতৃদুগ্ধৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে বিতংকৈ বাখ্যা কৰে ।

আজিৰ এই সভাত তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ মুখ্য সেৱিকা গীতাঞ্জলি ডেকা, কাঞ্চন বৰ্মন, অৰ্চনা বড়ো আৰু জোনালী বৰ্মন উপস্থিত থাকি প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত মাত্ৰু বন্দনা সপ্তাহ সজাগতা সভা অনুষ্ঠিত কৰি সফল ৰূপায়ণ কৰাত সহযোগ কৰে ।
 

Your Comments