শুৱালকুছি সাংবাদিক সন্থাৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন

Pic

মৃণাল ডেকা,শুৱালকুছি ,৯ জানুৱাৰী:

শুৱালকুছি সাংবাদিক সন্থাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে স্হানীয় গান্ধী আশ্ৰমত অনুষ্ঠিত হয় ৷ এই উপলক্ষে আজি পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি দিলীপ মেধিয়ে ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ সাংবাদিকসকলক সদায় নিৰ্ভিক আৰু সকলো প্ৰত্যাহ্বান নেওচি সত্য-নিষ্ঠাৰে বাতৰি পৰিৱেশনৰ জৰ ড়িয়তে সংবাদ পত্ৰক ৰাইজৰ আস্থাভাজন কৰি তুলিব লাগে বুলি উল্লেখ কৰে ৷ ৰাইজৰ পক্ষত থাকি স্থানীয় সমস্যা সমুহ মফছলীয় সাংবাদিকসকলে কাকত বা বৈদুত্যিক মাধ্যমত প্ৰকাশ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰি চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিলে ৰাইজ উপকৃত হব বুলিও তেওঁ কয় ৷ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি কাৰ্য্যকৰী সভাপতি হৰিপ্ৰসাদ দাসে সাংবাদিকসকলক সাহসেৰে সংবাদত সেৱাত ব্ৰতী হবলৈ আহ্বান জনায় ৷ বৃক্ষ ৰোপন কৰে উপ সভাপতি প্ৰবীণ কুমাৰ দাস আৰু সম্পাদক পুলিন দাসে ৷ দিনৰ ১১ বজাত দিলীপ মেধিৰ সভাপত্বিত অনুষ্ঠিত পৰ্যালোচনা সভাত উদ্দেশ্য বাখ্যা কৰে সম্পাদক পুলিন দাসে ৷সভাত আগন্তুক দ্বি-বাৰ্ষিক অধিৱশেন সন্দৰ্ভত বিস্তৃতভবে আলোচনা হোৱাৰ লগতে আন কেইবাটিও দিশৰ ওপৰত পৰ্যালোচনা কৰা হয় ৷ সভাত সাংবাদিক সন্থাৰ "উপবিধি" পাঠ কৰে সদস্য মৃণাল কুমাৰ ডেকা শৰণীয়াই ৷ সভাৰ সদস্য সকলৰ মতামতৰ ভিত্তিত "উপবিধি"খন সৰ্বসন্মত ভাবে গ্ৰহণ কৰা হয় ৷ পৰৱৰ্তী দিনত "উপবিধি"ৰ সকলো দফা কাৰ্যকৰীয়কৰহব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাত সাংবদিক কিশোৰ গোস্বামী, দিপু দাস, ৰত্ন কুমাৰ দাস, মৃদুল প্ৰীতম ডেকা, নৱ দাস, সৌৰভ বৈশ্য আদিয়ে সংবাদ সেৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে ৷ সভাত শলাগৰ শৰাই আগবঢ়াই সম্পাদকে ৷ উল্লেখ্য যে মহাত্মা গান্ধী শুৱালকুছিত পদাৰ্পণৰ ৭৫ বছৰ পূৰ্ণ হোৱা দিনটোতে প্ৰতিষ্ঠা দিৱস পাতি শুৱালকুছি সাংবাদিক সন্থাই গান্ধীজীকো শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ চৰকাৰী পক্ষই এই উপলক্ষে কোনো কাৰ্যসূচী গ্ৰহণ নকৰাত স্হানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷

Your Comments