দ্বিজেন ডেকা,ঘগ্ৰাপাৰ ৯ জানুৱাৰী:
আজি নলবাৰী জিলাৰ মধ্য বাঁহজানী অঞ্চলত "অসম জাতীয় পৰিষদ"ৰ ৯নং মধ্য বাঁহজানী আঞ্চলিক সমিতি গঠন আৰু যোগদান সমাৰোহৰ এখন সভা অনুষ্ঠিত কৰা হয় | সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী হৰিমল ডেকাই | এই সভাতে বিজেপি, অগপ আৰু কংগ্ৰেছৰ পৰা অহা শতাধিক লোকে "অসম জাতীয় পৰিষদ"ত যোগদান কৰে | সভাত "অসম জাতীয় পৰিষদ"ৰ কেন্দ্ৰীয় সম্পাদক অমল ডেকাই দুৰ্নীতি পৰায়ণ, সাম্প্ৰদায়িক, নিবনুৱা বিৰোধী, কৃষক বিৰোধী বিজেপি নেতৃত্বাধীন চৰকাৰখনক ২০২১ চনৰ নিৰ্বাচনত দিশপুৰৰ পৰা আতৰ নকৰিলে অসমীয়া জাতিৰ সম্মুখত ভয়ানক বিপদ অনিবাৰ্য বুলি বক্তব্য ৰাখে | ভাষন প্ৰসংগত তেওঁ কয় যে অগপ দলটো অতুল বৰা, কেশৱ মহন্ত আৰু ফনীভূষন চৌধুৰীৰ ব্যক্তিগত কোম্পানীত পৰিনত হৈছে | এই দলটোৱে অসমীয়া জাতিক চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে | ২০২১ চনৰ নিৰ্বাচনত অসমত অ গ পই এখনো আসন নাপাই, ধুলিচ্ছাৎ হৈ যাপ অ গ প | সভাত "অসম জাতীয় পৰিষদ"ৰ নলবাৰী জিলা সমিতিৰ মুখ্য আহ্বায়ক নগেন ডেকাই বিজেপি নেতৃত্বাধীন চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে | তেওঁ কয় যে হিন্দু, মুছলমানৰ পৰিৱৰ্তে আমি অসমীয়া হৈ জীয়াই থাকিব বিচাৰো | আনহাতে তেওঁ ভাষনত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জনসাধাৰণক মাৰ বান্ধি থিয় হবলৈ আহ্বান জনায় | আজিৰ সভাত নলবাৰী জিলা আহ্বায়ক অৰ্জুন তালুকদাৰ, দীপক ডেকা, সমষ্টি আহ্বায়ক গিৰীন শৰ্মা, আচুল হক চৌধুৰী, ফনীধৰ ডেকা, মাধৱ ডেকা, মহেশ্বৰ কলিতা, যোগেশ শৰ্মা , প্ৰদীপ ডেকা আৰু লক্ষী দৈমাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে | ইপিনে নলবাৰী সমষ্টিটোৰ ঘগ্ৰাপাৰতো ইতিমধ্যে দলটোৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে।
- Log in to post comments
- 14 views