নগাঁৱত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ গণ অৱস্থান ধৰ্মঘট

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৯ জানুৱাৰীত নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে এটা গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দুঘন্টীয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত পৰিষদৰ অৰ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰি "কা আমি নামানো", "অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক", "সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ", "বিজেপি চৰকাৰ হুছিয়াৰ" আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি প্ৰদীপ শইকীয়া,কাৰ্যনিৰ্বাহক সদস্য মুকুট চন্দ্ৰ বৰা, প্ৰচাৰ সম্পাদক প্ৰবীণ চন্দ্ৰ দাস,নগাঁও জিলাৰ সভাপতি দ্বীপমণি বড়া,সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া আদিয়ে অংশ গ্ৰহণ কৰে। 

Your Comments