গড়কাপ্তানি বিভাগৰ অৱসৰী বিষয়া আলহাজ চহৰাৱ আলীৰ মৃত্যুত বৰ্ণিত শোক

Pic

হাজোৰ বিশেষ প্ৰতিবেদক,৯ জানুৱাৰীঃ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্ণি পুখুৰীবৰী নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আলহাজ চহৰাৱ আলীৰ নিশা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ হায়াত হস্পিতালত মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ।জানিব পৰা মতে,প্ৰয়াত আলীয়ে চাকৰি কৰি থকাৰ সময়তো অঞ্চলটোৰ সামাজিক কাম-কাজত নিজে আগভাগ লৈ সমাজখনক আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল।তেওঁ দীৰ্ঘদিন ধৰি বৰ্ণি ইছলামীয়া মাদ্ৰাছাৰ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে বৰ্ণি পুখুৰীৰ বৰী অংগনবাড়ী কেন্দ্ৰৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল।তদুপৰি বৰ্ণি অঞ্চলটোৰ সকলো সামাজিক,ধৰ্মীয় অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল।তেওঁৰ মৃত্যুত বৰ্ণি অঞ্চলৰ সকলো অনুষ্ঠান- প্ৰতিষ্ঠান তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।আজি বিয়লি দুই বজাত অগণন গুণমুগ্ধৰ উপস্থিতিত স্থানীয় কবৰস্থানত জানাজা সম্পন্ন কৰি আত্মাৰ সদগতিৰ বাবে দোৱা কৰে।মৃত্যুৰ সময়ত পত্নী,তিনি পুত্ৰ-বোৱাৰী,তিনি কন্যাসহ জোৱাই,নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।

Your Comments