নগাঁৱত বন বিভাগৰ অভিযানত  অবৈধ কাঠফলা মিল উৎখাত

Pic

*লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ*

#নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত চলা এটা অভিযানত ৮ জানুৱাৰীৰ পুৱা প্ৰায় ৬ বজাত জিলাখনৰ অন্তৰ্গত জাজৰীৰ পৰা এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷

Pic

জানিব পৰা মতে, জাজৰি মুছলিম গাওঁ অঞ্চলত পাৰভেজ ৰহমান নামৰ লোকজনে দীৰ্ঘদিন ধৰি অবৈধভাৱে এটা কাঠফলা মিল বহুৱাই একাংশ কাঠ বেপাৰীৰ সহযোগত অতি মূল্যৱান গছ ফালি চোৰাং কাঠৰ এক ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি নিচেই পুৱাতে বন বিভাগৰ দলে অভিযান চলাই মিলটো উৎখাত কৰাৰ লগতে মিলটোৰ পৰা বুজন পৰিমাণৰ মূল্যবান কাঠৰ কুন্দা জব্দ কৰে।বন বিভাগে জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ'ব।

Your Comments