জয়নগৰ মাদ্ৰাছাত সাতজনকৈ অভিজ্ঞ শিক্ষকক বাধ্যতামূলক অব্যাহতি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম ইছলামিক শিক্ষা প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতিকে ধৰি একাংশ সদস্যৰ বিৰুদ্ধে নাগৰিক সমাজে উত্থাপন কৰিছে বিভিন্ন অভিযোগ। শেহতীয়াকৈ মাদ্ৰাছাখনত সুদীৰ্ঘ বছৰ ধৰি শিক্ষকতা কৰি অহা সাতগৰাকীকৈ অভিজ্ঞ শিক্ষকক বাধ্যতামূলক অৱসৰ দিয়াক লৈ এটা অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে বুলি ৰাইজে অৱগত কৰিছে।মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি নজৰুল ইছলামৰ অনুগত একাংশ সদস্যই বয়স আৰু বেমাৰৰ অজুহাত দেখুৱাই অতি কৌশলেৰে সাতগৰাকী শিক্ষকক অব্যাহতি দিয়া বুলি অভিযোগ উঠিছে।শিক্ষককেইজন হৈছে- মুফতি শ্বেখ মহম্মদ আলী, মৌলানা মাজাহাৰুল ইছলাম, মৌলানা আব্দুল জব্বৰ, মৌলানা আয়ুব আলী, মৌলানা আব্দুল হান্নান, মৌলানা জাকিৰ হুছেইন আৰু মৌলানা মুছদ্দৰ আলী। আনকি, আন পাঁচগৰাকী শিক্ষকক পাঠদান কাৰ্যৰ পৰা অব্যাহতি দি কৰ্মচাৰীৰ কামত নিয়োগ কৰিছে। এই সমগ্ৰ বিষয় সন্দৰ্ভত স্থানীয় প্ৰায় শতাধিক লোকৰ স্বাক্ষৰ সম্বলিত এখশ অভিযোগপত্ৰ হোজাই জিলা উপায়ুক্তক ইতিমধ্যে দাখিল কৰিছে। উক্ত অভিযোগপত্ৰত উল্লেখ কৰা অনুসৰি, মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে উল্লেখিত শিক্ষক কেইগৰাকীক আতৰাই নিজৰ অঙহী-বঙহী লোকক উক্ত পদসমূহত নিযুক্তি দিছে। ইছলামত শিক্ষকৰ কোনো অৱসৰৰ নিয়ম নাই যদিও এই কাৰ্য কৰি সভাপতিয়ে ইছলামীয়ক নীতি-নিয়মৰ পৰিপন্থী কাম কৰাৰো অভিযোগ তুলিছে ৰাইজে। অকল ইমানেই নহয়, সভাপতিগৰাকীয়ে মাদ্ৰাছা পৰিচালনাৰ ক্ষেত্ৰত মাদ্ৰাছা গৃহৰ অতিকৈ স্থানীয় তথা মাদ্ৰাছা প্ৰতিষ্ঠাৰ লগত জড়িত একাংশ লোকক আওকাণ কৰি একনায়কত্ববাদৰ নীতিৰে মাদ্ৰাছাখন পৰিচালনা কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। পৰিচালনা সমিতিৰ দায়িত্বহীন কাণ্ডৰ বাবে ২০১৭ চনৰ পৰা মাদ্ৰাছা পৰিচালনা সমিতিৰ চৰকাৰী পঞ্জীয়নৰ নবীকৰণ হোৱা নাই। আনহাতে, অৰ্থলিপ্সু সভাপতিগৰাকীয়ে এদিন মাদ্ৰাছা চৌহদত প্ৰৱেশ কৰিলে পাঁচ হাজাৰ টকাকৈ মাননি লোৱাৰ কথাও চৰ্চা চলিছে। ইপিনে, মাদ্ৰাছাখনৰ বেংক একাউণ্টত থকা ৬ কোটি টকা পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে কৌশলেৰে উঠাই হস্তগত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ আন এক গুৰুতৰ অভিযোগৰ কথা অভিযোগ পত্ৰখনত উল্লেখ কৰিছে। সম্পূৰ্ণ ৰাজনীতিৰ আওতাৰ বাহিৰত থাকিব লগা ১৯৩২ চনতে প্ৰতিষ্ঠিত মাদ্ৰাছাখন দীৰ্ঘদিন ধৰি আজমল এণ্ড কোম্পানীৰ ইংগিতত চলি অহাৰ কথাও সৰ্বত্ৰ চৰ্চা চলিছে‌। সেয়ে সম্পূৰ্ণ অৰাজনৈতিক তথা নিৰপেক্ষ আৰু ধাৰ্মিক লোকৰ দ্বাৰা এখন সুস্থ পৰিচালনা সমিতি গঠন কৰি ঐতিহ্যমণ্ডিত মাদ্ৰাছাখন পৰিচালনা কৰিবলৈ দাবী জনাইছে ৰাইজে।

Your Comments